মোৰ খাই চাবৰ মন গৈছে।” কেঁকোৰাই উত্তৰ দিল,—“সখি তোমাক মোৰ ঘৰত খাবলৈ কিয় নামাতিম? মই ন-খোৱা পাতি তোমাক মাতিম মাতিম বুলি সদায় পাঙিয়েই আছোঁ, কিন্তু মোৰ ঘৰত ঠাই সঙ্কীৰ্ণ, তোমাক ক’ত বহুৱাম, ক’ত খুৱাম বুলিহে থেৰোগেৰোকৈ আছো, সেইদেখি সেই কাম হৈ উঠা নাই। যি হওক, তুমি আহুকাল নাপালে কাইলৈ ৰাতিপুৱাৰ সাজ ভাতকে মোৰ ঘৰত খাবাগৈ। কি বোলা সখি? ন-খোৱা নামতহে। দুখীয়াৰ ঘৰত কাইলৈ ভৰিৰ ধুলি পেলাই শাকে-খাৰে এগাল খাই আহিবাগৈ মাথোন।” বাঘে উত্তৰ দিলে,—“নিশ্চয়, কাইলৈ তোমাৰ ঘৰত ন-খাবলৈ যাম।”
পিচদিনা পুৱা কেঁকোৰাই ন-খোৱা পাতি, মাণিকীমধুৰী জহা- চাউলৰ ভাত ৰান্ধিলে, বেঙেনাৰ খাৰ ৰান্ধিলে। বাঘে কেঁকোৰাৰ ঘৰত ন-খাবলৈ আহিল। কেঁকোৰাই বাঘক কলে, – “সখি, তুমি মোৰ গাতৰ ওচৰতে বহা, মই ভাত-আঞ্জা উলিয়াই দি থাকো, তুমি খাই থাকা; তুমিতো আৰু মোৰ গাতৰ ভিতৰলৈ সোমাব নোৱাৰা। এই বুলি কেঁকোৰাই ভাত-আঞ্জা গাতৰ মুখলৈ উলিয়াই দিবলৈ ধৰিলে,
আৰু বাঘে সলৌপ-সলৌপ কৰে খাবলৈ ধৰিলে। কেঁকোৰাৰ ভাতৰ চৰু সৰু, ভাত যি ৰন্ধা হৈছিল তাক দুমোকোৰাতে বাঘে ওৰ পেলালে; গতিকে কেঁকোৰাৰ ভয় হ’ল—সি ভাবিলে, বাঘৰ আশয় পাবলৈ নাই। খাবলৈ বহি তাৰ পেট নভৰিলে, মোৰ প্ৰতি তাৰ বন্ধুতা-কন্ধুতা সোপাই কৰবালৈ যাব আৰু তাৰ খং উঠি সি মোক খাই পেলাব। এতেকে এটা বুদ্ধি কৰি ইয়াৰ হাতৰ পৰা সাৰিব লাগিব। ইয়াকে মনত পাঙি সি বাঘক কলে,—“সখি বাৰে বাৰে মই তোমালৈ ভাত কঢ়িয়াই মোৰ ককালৰ বিষে ধৰিছে, আৰু উঠিবই নোৱাৰো। তুমি তোমাৰ নেজডাল মোৰ গাতৰ ভিতৰলৈ সুমাই দিয়া, তাতে মই ভাত-আঞ্জা বাটিয়ে বাটিয়ে বান্ধি দিওঁ, তুমি নি নি