বাবৰিৰ পুলি কিছুমান লৈ আঁহাগৈ। বেঙেনাৰ পুলি গোটাচেৰেকো আনিবলৈ নাপাহৰিবা। মই শাকনিবাৰীৰ মাটি চহাওঁ।” এই বুলি বাঘক শাক-পুলি আনিবলৈ পাচি দি কেঁকোৰাই মাটি খান্দিবলৈ
লাগিল। বাঘ দুখোজনান যোৱাৰ পিচতে কেঁকোৰাই আকৌ ৰিঙিয়াই মাত লগালে,—“সখি মই কবলৈ পাহৰিছিলো, জলকীয়াৰ পুলি গোটাচেৰেকো আনিবা; টেঙা দিয়া শাকৰ আঞ্জাৰে ভাত খাবলৈ
জলকীয়া নহলে জুতি নালাগিব।” বাঘে “হুঁ” বুলি আনিবলৈ গাত লৈ দীঘল দীঘলকৈ জাপ মাৰি গাঁৱৰফালে যাবলৈ ধৰিলে।
এইদৰে খেতি-বাতি কৰি দুয়ো বহি আছে। লাহে লাহে আঘোণ মাহ পালেহি। ধান পকিবলৈ আৰম্ভ হৈছে, দাবৰ আয়োজন কৰি কেঁকোৰাই বাঘক সুধিলে,— “সখি মই আগ নিম।” এই বুলি কেঁকোৰাই ধানৰ আগ অৰ্থাৎ গুটি নিলে আৰু বাঘে 'গুৰি অৰ্থাৎ নৰা নিলে। তাৰ পিচত বেঙেনা ছিঙিবৰ হ’ল। বাঘে কেঁকোৰাক সুধিলে, – “সখি তুমি গুটি নিবা নে গছ নিবা?” কেঁকোৰাই গুটি নিম বুলি বেঙেনাৰ গুটি নিলে, বাঘে গছ নিলে। এইদৰে খেতি সামৰি অঁতাই এদিন বাঘে নখোৱা পাতি কেঁকোৰাক নিমন্ত্ৰণ কৰিলে। ইপিনে বাঘে ধানৰ গুৰি ৰান্ধিছে, বেঙেনা গছৰ শাক ৰান্ধিছে, ৰান্ধি কেঁকোৰাক খাবলৈ দিলে। কেঁকোৰাই সেইবোৰ কি খাব, অলপ ছুই গুচি আহিল। সি যি হওক, ইয়াৰ পিচতো কেঁকোৰাই সদায় তিনি তেলনি মাৰি বাঘৰ মঙহৰ আঞ্জাৰে ভাত খায়, কিন্তু এদিনো বাঘক তাৰ নিজৰ ঘৰলৈ খাবলৈ নামাতে। বাঘে এই কথা টং কৰি এদিন কেঁকোৰাক কলে,— “সখি,
তুমি এদিনো মোক তোমাৰ ঘৰত খাবলৈ মতা নাই। এদিন ন-খোৱা পাতি মোক মাতা, তোমাৰ ঘৰতনো কেনে ৰন্ধা-বঢ়া হয়,