সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 

ইয়াৰে চাইদোণ ধন দিব লাগে; সি মোক দেখিলে সদায় পলায়। আজি সি বুঢ়াৰ হাতত চেঙেলী পৰিছিল, তাক দেখা পায়েই ভালকৈ ধৰিছিলে৷, বোলো আজি মোৰ ধনবোৰ তাৰপৰা নুলিয়াই নেৰোঁ। সেইদেখি তাৰে সৈতে মোৰ জোঁটাপুতি লাগিছিল। তই সকলোবোৰ ভ্ৰষ্ট কৰিলি। ও হয়; তইনে৷ কিয় আগভেটা দি ধৰিছিলি কচোন?”

 এইদৰে ছল বুধি কৰি শিয়ালে নিজৰ মান ৰাখি আকৌ বাঘিনীৰ লগতে ঠাই ললে। বাঘ-পোৱালি দুটা লাহে লাহে জনা বুজা হৈ উঠিল। চিকাৰলৈ যাবলৈ সিহঁতে মাক আৰু শিয়ালেৰে সৈতে পাল বাঁটি ললে। শিয়ালৰ পালৰ দিন৷ শিয়ালে সিহঁতক নানা ছলাহী কথা কৈ গা সাৰে। এদিন শিয়ালে এৰাব নোৱাৰি বাঘিনীৰে সৈতে পহু মাৰিবলৈ ওলাল। শিয়ালে বাঘিনীক কলে, – “মই পহুৰ পটিৰ মুখত থাকো; তই সেইফালে গৈ পহু খেদি দেগৈ; পহু মোৰ ওচৰেৰে আহিলেই আৰু ক’ত সাৰিব?” শিয়ালৰ কথা মতে বাঘিনীয়ে পহু খেদি দিলে, কিন্তু শিয়ালে পটিৰ মুখত ধোবাং জুৰি পৰি থাকোতেই পহুৱে শিয়ালৰ পেটৰ ওপৰেদি লৰ মাৰিলে। গচকত শিয়ালৰ পেটৰ ছাল ছিগি গ’ল। পহু পলোৱাৰ পিছত বাঘিনী শিয়ালৰ ওচৰলৈ আহিলত, শিয়ালে তাইক গেথাই গেথাই কলে,—“শুনিছ নে হয়, শুনিছ? পহুটো এইফালে আহিলত মোৰ এনে হাঁহি উঠিল যে পহু ধৰা দূৰত থাওক, ম‍ই মোৰ হাঁহিটোকে ৰখাব নোৱাৰিলো। ইমান সৰু পহুটো মই হেন বীৰক ধৰিবলৈ দিয়া হাঁহিতে মোৰ পেট ফুটি পেটু-নাড়ী ছিগি ওলাই যাবলগীয়া হৈছিল।”

 এইবাৰো শিয়ালে বুধিৰে জিকি আকৌ কিছুমান দিন বাঘিনীৰ লগতে বহি খাবলৈ পালে। এইদৰে কিছুমান দিন থাকোতে

২৪