মোৰ ভোক লাগিছে, হেৰ কিবা আছে যদি চাচোন মই খাই যাওঁ।” শিয়ালে এই বুলি পোৱালিলৈ মাক-বাপেকে থৈ যোৱা মঙহখিনি খাই নিজৰ পেট পূৰাই গুচি গ’ল।
নিতৌ বাঘ আৰু বাঘিনী চিকাৰলৈ গলেই শিয়ালে আহি পোৱালিটোক ভাবুকি দি টিপতে সিহঁতৰ ভাগৰ মঙহখিনি খাই গুচি যায়। এইদৰে ভালেমান দিন যোৱাৰ পিছত পোৱালিকেটা শুকাই গৈ চেৰেল৷ হোৱা দেখি বাঘিনীয়ে কথাটো টং কৰি চালে— “ইহঁত কিয় এনেকুৱা হৈছে? আমি ইহঁতলৈ থৈ যোৱা মঙহ আমি ওলাই গলে কোনোবাই ইহঁতক ফাঁকি দি খায় নেকি?” বাঘিনীয়ে এইদৰে ভাবি গিৰিয়েকক কলে,—“শুনিছানে বোলো আজি তুমি পহু মাৰিবলৈ যাব নেলাগে, ময়ে অকলৈ যাওঁ। আমি নথকাত ইয়ালৈ কোনোবা আহে নে নাহে চাবলগীয়া হৈছে। আজি তুমি লুকাই চাই থাকা।” এইবুলি সেইদিনা বাঘক থৈ বাঘিনী অকলে চিকাৰ কৰিবলৈ গ’ল।
আন দিনাৰ দৰে সেইদিনাও বাঘ-পোৱালিৰ আগত ভগা দোণ জোকাৰি ফাং-ফাং-ফোং-ফোংকৈ মঙহ খাবলৈ কাৰবাৰ কৰোতেই, নিলগত লুকাই থকা বাঘে শিয়ালৰ কাণ্ড দেখি সকলো বুজিব পাৰি হাউৰি মাৰি শিয়ালক খেদা মাৰি নিলে। টেঙৰ শিয়ালে কেতিয়াবা এনেকৈ সি ধৰা পৰিলে কি কৰিব সেই বুধি আগৰে পৰা আলচি ঠিক কৰি থৈছিল; সেইদেখি সি আগে আগে লৰি গৈ দুফেৰেঙনীয়৷ গছ এজোপাৰ কেৰেপৰ মাজেদি সৰকি লৰ মাৰিলে। বাঘো কোবেৰে সেই কেৰেপৰ মাজেদি সৰকি যাব খোজোতেই কেৰেপত চেপা খাই থাকিল। বাঘে কেৰেপৰ পৰা ওলাবলৈ যিমানকৈ চাটিফুটি ধৰ-ফৰ কৰিবলৈ ধৰিলে, সিমান টানকৈ