এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুধিয়ক শিয়াল
কিছুমান মঙহ আছে। ততালিকে শিয়ালটোৱে সেই মঙহকে খাবলৈ বুধি সাজি নিলগৰ পৰা খৰপোচ কৰি দোণটো জোকাৰি
মাত লগালে,—“হেৰ তহঁতৰ মাৰ-বাপেৰ কলৈ গ’ল অ’? মই অহাৰ গম পায়েই পলাইছে হবলা? সিহঁত ক’ত আছে ক?” শিয়ালটোৰ গেৰেহাগেৰেহ কথা শুনি বাঘ-পোৱালি দুটাই ভয়ত কোঁচমোচ খাই কোমল মাতেৰে উত্তৰ দিলে, – “আমাৰ আই-বোপাই দুয়ো চিকাৰলৈ গৈছে।” শিয়ালে কলে,—“বাৰু গৈছে, গৈছে, আহি পালেই মই আহিছিলে৷ বুলি কবিহঁক। চাচোন তহঁতৰ বাপেৰে তাহানি এইটো দোণেৰে মোৰ এদোণ ধন ধাৰে আনিলে, আজিলৈকে সি মোক সেই ধন ওভোতাই দিয়া নাই। মই আজি সৰহপৰ ৰব নোৱাৰো, সি আহিলেই তহঁতে তাক এই কথা কবি।
২১