ঘাঁহে উত্তৰ দিলে,—“মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া।’’
ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে— “কমাৰ কাই, কমাৰ কাই, ঘৰত আছে নে?' কমাৰে উত্তৰ দিলে, – “আছো কাউৰী ভাই, কি সকামত বা আছিল৷?” কাউৰীয়ে উত্তৰ দিলে—
“দে খন্তি, কাটো ঘাঁহ, খুৱাওঁ গৰুক
ওলাওক গাখীৰ, খুৱাওঁ কুকুৰক, বান্ধক বল,
মাৰক ম'হ।
নিওঁ শিং, খান্দো মাটি,
দিওঁ কুমাৰক, গঢ়ক ঘটি।
তোলো পানী, পখালো ঠোট।
ভোজন কৰো টিপচী গোট।”
কমাৰে কলে,—“মোৰ জুইকুৰা নুমাই গ'ল; যদি মোক জুই অলপ আনি দিব পাৰা, তেন্তে মই এতিয়াই খন্তি এখন গঢ়ি দিব পাৰোঁ।”
কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে যে, সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে কলে,–“আই, মোক অলপ জুই দিব পাৰা নে?” বুঢ়ীয়ে উত্তৰ দিলে,—“কিহতকৈ দিম?” কাউৰীয়ে কলে—“মোৰ ডৌকাৰ ভিতৰতে বান্ধি দিয়া।” বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডৌকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোতে তাত বতাহ লাগি জ্বলি