“মাৰ ম'হ নিওঁ শিং, খান্দো মাটি,
দিওঁ কুমাৰক, গঢ়ক ঘটি।
তোলে৷ পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট॥”
কুকুৰে উত্তৰ দিলে,— “আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱা নাই, সেইদেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক গাখীৰ খুৱাব পাৰা তেন্তে মই ম'হ মাৰি দিব পাৰোঁ।”
এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক কলে—
“দে গাখীৰ, খুৱাওঁ কুকুৰক,
বান্ধক বল, মাৰক ম’হ।
নিওঁ শিং, খান্দে৷ মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি॥
তোলো পানী, পখালো ঠোট।
ভোজন কৰোঁ টিপচী গোট॥”
গায়ে উত্তৰ দিলে,—“মই বুঢ়ী হৈছোঁ; ভালেমান দিন ভালকৈ ঘাঁহ খাবলৈ পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ খাবলৈ আনি দিব পাৰা, তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিন।”
গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক কলে,—
“দে ঘাঁহ, খুৱাওঁ গাইক, ওলাওক গান্ধীৰ,
খুৱাওঁ কুকুৰক, বান্ধক বল, মাৰক ম’হ,
নিওঁ শিং, খান্দো মাটি।
দিওঁ কুমাৰক, গঢ়ক ঘটি॥
তোলে৷ পানী, পখালো ঠোঁট।
ভোজন কৰোঁ টিপচী গোট॥ ”