সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঢোঁৰা কাউৰী আৰু টিপচীচৰাই
 


বিয়নী ৰজা-ৰাণীলৈ এই বাতৰি তেওঁলোকে কৈ পঠিয়ালত তেওঁ লোকৰো মনত মহা ৰং মিলিল আৰু আকৌ তেওঁলোকে মহা পয়ো- ভৰেৰে জীয়েক ঔ-কুঁৱৰীক কোঁৱৰলৈ দিয়া দিলে।


ঢোঁৰাকাউৰী আৰু টিপচীচৰাই

 এক বোলে ঢোঁৰাকাউৰী আৰু এটা টিপচীচৰাই আছিল। সিহঁত দুয়ো সখি বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰা কাউৰীয়ে টিপচীক ক’লে,— "সখি, সখি চোৱাচোন সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ’দত মেলি দিছে, এথাপ মাৰি আমি আনোহঁক আহাঁ।” টিপচীয়েও—“এৰা আনোহঁক আহাঁ” বুলি মাত দিলত ঢোঁৰা কাউৰীয়ে ক’লে— “কিন্তু সখি এটা কথা, ম‍ই ঠোটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা তেনেহলে মই তোমাক খাম। আৰু তুমি যিমান আনিবা ময়ো যদি সিমান আনিব নোৱাৰো তেনে তুমি মোক খাবা। ” ঢোঁৰাকাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে— “মইতো তাতকৈ বেছি ধান একে থাপতে আনিব নোৱাৰিমেই; সেইদেখি বুজিছোঁ সি মোক খাবলৈ বুধি পাতিছে। বাৰু দেখাই যাওকচোন সি মোক কেনেকৈ

১৩