ঠাইতে বহি বৰশী বাই আছিল। কোঁৱৰে লক্ষ্য কৰি দেখিলে যে ঔ-টেঙাটোৰ ভিতৰৰপৰা এজনী দীপ-লিপ সুন্দৰী কন্যা ওলাই নৈত গা ধুই উঠি, ৰূপেৰে চাৰিও দিশ উজ্জ্বল কৰি চুলিকোছা ৰ’দত শুকাই লৈ, আকৌ ঔ-টেঙাটোৰ ভিতৰত সোমাই বাগৰি মাকৰ ঘৰলৈ উভতি আহিল। ৰজাৰ ল’ৰাই কন্যাজনীৰ ৰূপ দেখি মোহ গৈ ঘাটতে বৰশী পেলাই থৈ ঘৰলৈ গুচি আহি ৰোষ-ঘৰত সোমাল। ইফালে কোঁৱৰক বাপেক-মাকে নেদেখি বিচাৰি চলাথ লগাই শেহত ৰোষ-ঘৰত শুই থকা পালে। কি হৈছে বুলি তেওঁলোকে কোঁৱৰক সুধিলত, কোঁৱৰে কলে যে “অমুকা ৰজাৰ ঘৰত এটা বাগৰি ফুৰা ঔ-টেঙা আছে, সেই ঔ-টেঙাটোৰ সৈতে মোক দিয়া দিব লাগে।” ৰজা-ৰাণীয়ে প্ৰথমতে সেইটো হাঁহি উঠা অসম্ভৱ কথা বুলি কোঁৱৰক বুজাবলৈ ধৰিলে, কিন্তু কোঁৱৰে নুশুনিলে। কোঁৱৰৰ খট-বান্ধ এৰাব নোৱাৰি বাপেকে ৰজালৈ সেই বাতৰি দি ঔ-টেঙাৰে সৈতে নিজৰ কোঁৱৰৰ বিয়াৰ প্ৰস্তাৱ কৰি পঠিয়ালে। ঔ-টেঙাৰ মাক ৰাণীয়ে সেই কথা শুনি কান্দি-কাটি কলে যে,–“মোক কিয় এইদৰে লাজ দিব লাগিছে।” কিন্তু শেহত তেওঁ এৰাব নোৱাৰি সেই কথাত নাস্তি হৈ ঔ-টেঙাটো ধুৱাই-পখলাই কোঁৱৰৰে সৈতে তাৰ বিয়া দিলে। বৰ ধুম-ধাম কৰি কোঁৱৰে ঔ-টেঙাক বিয়া কৰাই দোলাত তুলি আনি নিজৰ ঘৰ পোৱালেহি।
ৰজাৰ কোঁৱৰে ঔ-টেঙাৰ সৈতে একেটা শোৱনি-ঘৰতে থাকিল। ৰাতি কোঁৱৰে খাবলৈ মাকে যি ভাত পঠিয়াই দিয়ে তাৰ এভাগ কোঁৱৰে খায় আৰু এভাগ থৈ দি শুই থাকে। কিন্তু কোঁৱৰৰ চৌপনি
আহিলেই ঔ-টেঙাটোৰ ভিতৰৰপৰা কন্যাজনী ওলাই সেই ভাতগাল খাই আকৌ ঔ-টেঙাৰ ভিতৰত সোমাই থাকে। দিনৌ কোঁৱৰে