সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কাঞ্চনী
 


কুকুৰ হৈ যা বুলি কলেই সি কুকুৰ হৈ গুচি যাব আৰু তহঁত ঘৰৰ ঘৈণী হৈ ধন-বস্তুৰ গৰাকিনী হৈ সুখে-সন্তোষে থাকিব পাৰিবি।” ইয়াকে কৈ বুঢ়ী গুচি গ’ল। সিহঁতৰ নুমলীয়া দেওৰেক আহিলত সিহঁতে বুঢ়ীৰ বুধিমতে তাক ওকণী চাবলৈ বহুৱাই লৈ তাৰ কাণৰ সঁতাত কাঁইটটো মাৰি তাক কুকুৰ কৰিলে। সি এটা ভতুৱা কুকুৰ হৈ মনৰ দুখত ঘৰৰ পৰা তেতিয়াই ওলাই গুচি গ’ল। গধুলি ককায়েকহঁতে আহি ভায়েকক নেদেখি, “কণবোপা কলৈ গ’ল?” বুলি ঘৈণীয়েকহঁতক সুধিলত “আমি কব নোৱাৰো” বুলি সিহঁতে উত্তৰ দিলে। ইয়াৰ পিচত ককায়েকহঁতে ভায়েকক অনেক বিচাৰি ক’তো নাপাই বেজাৰ অসন্তোষ কৰি থাকিল।

 নুমলীয়া ভায়েকটো কুকুৰ হৈ অনেক দেশ ফুৰি ফুৰি শেহত এখন নগৰত ওলালগৈ। সেই নগৰতে এঘৰ মানুহ আছিল, সিহঁতৰ ল’ৰা-ছোৱালী, মিতিৰ-কুটুম কোনো নাছিল। মাথোন গিৰিয়েক আৰু ঘৈণীয়েক। গিৰিয়েকে দিনে খাই-বৈ কাম-কাজ বিচাৰি ওলাই যায় আৰু ঘৈণীয়েকে অকলৈ তাঁত-সূত বৈ ঘৰৰ বন-বাৰী কৰি থাকে। কুকুৰটো গৈ সিহঁতৰ ঘৰতে চাপিল। ক’ৰবাৰ পৰা কুকুৰটো ঘৰ চপা দেখি পো-পোৱালি নাইকিয়া গিৰিহঁতনীয়ে মৰমকৈ তাক এমুঠি পাতৰ ভাত খাবলৈ দিলে আৰু ছেই ছেই চুহ-চুহ নকৰি তাঁতশালতে পৰি থাকিবলৈ দিলে। সিও মৰম পাই তাতে থাকিবলৈ ধৰিলে।

 গিৰিহঁতনীয়ে দিনৌ তাঁত বয় আৰু কুকুৰটো ওচৰতে পৰি থাকে। এদিন তাইৰ হাতৰ পৰা এবাৰ মাকোটো সৰি পৰিলত, তাই কুকুৰটোৰ ফালে চাই ধেমালিতে ক’লে,—“তই মোৰ মাকোটো তুলি দিব নোৱাৰ? অঁজাতৰীয়া মাকোডাল ঘনে ঘনে মোৰ

১৬১