আহিছিলা?” এইটোৱে উত্তৰ দিলে,— “যোৱাহে তুমি ৰূপ গালো নিলা মোৰ কান্ধতে৷ উঠি আহিল৷।” এইদৰে দুয়ো আলাপ কৰি আকৌ ক্ষন্তেকতে মহামিত্ৰ হৈ পৰিল। এদা বেপাৰীটোৰ কিন্তু মনৰ পৰা বেজাৰ নগ’ল যে জালুক-বেপাৰী তাৰ কান্ধত উঠিল। ইয়াৰ কিছুদিন পিচত এদা-বেপাৰীয়ে এদিন বুদ্ধি এটা সাজি তাৰ ঘৈণীয়েকক কলে যে “মই শোৱা পাটীতে শুই থাকোঁ তই মোৰ মূৰে-গাৱে কাপোৰ এখন দি মোক ঢাকি দি মই মৰিলোঁ বুলি বহি কান্দ। আৰু এটা মানুহ লগুৱাই সখিৰ ওচৰলৈ পঠিয়াই বাতৰি দে যে মই মৰিলোঁ। সি যেতিয়া আহি পাবহি তেতিয়া তাক কবি মৰিবৰ সময়ত মই তোক বিশেষকৈ কৈ গৈছোঁ যে মোক যেন আনে নুচুই কেৱল মোৰ মৰমৰ সখিয়েহে ছোৱে আৰু সখিয়ে হে কান্ধত তুলি পুৰিবলৈ লৈ যায়।” তাৰ ঘৈণীয়েকে সেই দৰেই সকলো কৰিলত জালুক-বেপাৰী সধিয়েকে সকলে৷ শুনি কথাটো ফাঁকি বুলি বুজিলে আৰু মিছাকৈ কান্দি চকুপানী উলিয়াই সখিয়েকৰ ঘৈণীয়েকক কলে,— “মোৰ সখিয়েই যেতিয়া গ’ল আমাৰ সকলো শূন্য হ’ল। এই ঘৰ এই বাৰী এইবোৰ কোনে খাব কেলৈ লাগিছে? সেইবোৰ দেখিলে সখিলৈ মনত পৰি ধমধমকৰে আমাৰ বুকুত জুইহে জ্বলিব।” এই বুলি সি মিছাকৈয়ে বুকুত ভুকুৱাই কান্দি-কাটি দাখন লৈ গৈ বাৰীত সোমাই জালুক পাণ টেঙা আদি লাগতিয়াল গছবোৰ ঘপ্ ঘপ্ কৰে কাটি খাস্তাং কৰিলে। তাৰ পিচত মৰা সখিয়েকৰ ওচৰলৈ আহি তাৰ ঘৈণীয়েকক কলে,— “মই অকলৈ মোৰ সখিক বলে নোৱাৰিম, সেইদেখি দোছোৱাকৈ কাটি এছোৱা এছোৱাকৈ দুবাৰে মৰাশালিলৈ লৈ যাওঁ।” এইবুলি মিছা-মিছিকৈ সি টোৱাই-ভিৰাই দাখন জোকাৰি কোব মাৰিব খোজোতেই ভয়ত এদাৰ বেপাৰী একেচাবেই উঠি বহিল।
পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৬৭
অৱয়ব