সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দুই বুধিয়ক
 


ৰূপ গাঁতৰ তলিৰ পৰ৷ ওপৰলৈ দিলত, এদা-বেপাৰীয়ে সেইটো তুলি লৈ সিটো মোন৷ গাঁতত পেলাই দিলে। জালুক-বেপাৰীয়ে ভাবিলে যদি এই মোনাটোও সি তুলি অকলৈ ৰূপবোৰ লবৰ মনেৰে এই গাঁতৰপৰা উঠাৰ আগেয়ে লৰালৰিকৈ সি মাটি দি মোক পুতি পেলায় - তেন্তে কথাৰ ওৰেই পৰিব। সেইদেখি জালুক-বেপাৰীয়ে বুধি কৰি পিছৰ মোনাটোত অলপ ৰূপ ভৰাই তাতে নিজেই সোমাই, সখিয়েকক মাত লগালে,—“সখি এই মোনাটো তুমি টানি তোলা, বৰ গধুৰ হৈছে, মই অকলৈ নোৱাৰিম।” এই কথা শুনিয়েই এদাৰ বেপাৰীয়ে সেই মোনাটো টানি তুলিলে আৰু জালুক-বেপাৰীয়ে ভবা কথাকে থিতাতে কৰিলে। গাঁততে জালুক-বেপাৰীক পুতি থবৰ মনেৰে সি ধুমধামকৈ গাঁতৰ পাৰৰ মাটি গাঁতত পেলাই দি, তাক গাঁতত পুতিলো বুলি ভাবি ভাৰ কৰি মোন৷ দুটা লৈ নিজৰ ঘৰমুৱা হৈ গুচি গ’ল। ভাৰখনবৰ গধুৰ। সেইদেখি সি অলপ জিৰাবৰ মনেৰে বাটৰ এঠাইত এজোপা গছৰ তলতে ভাৰখন থৈ বহিল। বৰ দুখ কৰা বাবে তাৰ পিয়াহে৷ লাগিল, সেইদেখি সি ভাৰখন তাতে এৰি বাটৰ কাষৰে পুখুৰী এটাত পানী খাবলৈ নামিল। সি যেই পুখুৰীত নামিল, ইফালে মোনাৰ ভিতৰৰ পৰ৷ সখিয়েক লাহেকৈ ওলাই ভাৰখন লৈ সাউৎকৰে পলাল। সি পানী খাই উভতি আহি দেখে যে ভাৰখন নাই। তেতিয়াহে সি বুজিলে যে তাক তাৰ সখিয়েকে বুধিৰে ঠগিলে। “মই বুজিবই নোৱাৰিলে৷ যে কটাৰ-পো মোনাতে সোমাইমোৰ কান্ধত উঠি আহিছিল।” এই বুলি ইস্ আস্‌ আস্‌কৈ বেজাৰ কৰি সি নিজৰ ঘৰ পালেগৈ।

 বহুত দিনৰ মূৰত আকৌ এদিন দুই সথিয়েকৰ দেখাদেখি হলত জালুক বেপাৰীয়ে কলে,—“সখি তুমি মোক ভাল গাঁতত পুতি থৈ

১৫৭