সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


সুখৰ পাইছোঁ। গৰুজনী হাবিলৈ খেদি দিওঁ আৰু ম‍ই ফস্তি মাৰি ওৰে দিনটো গছৰ তলত শুই থাকো। গধূলি হলেই গাইজনী খেদি আনি গোহালিত বান্ধি থৈ দিওঁ।” তাৰ কথা শুনি পানী দিওঁতাই কল— “মোৰটো কাম একোৱেই নহয় বুলিব লাগে। দিনটোৰ ভিতৰত এঘটি বা দুঘটি পানী আনি তুলসীৰ গুৰিত দিওঁ আৰু তাৰ পিচত দিনৰ দিনটো শোৱা বহা যেই কৰা সেই।” দুয়োৰে কথা দুয়ো শুনি গৰখীয়াই পানী দিওঁতাৰ কাম আৰু পানী দিওঁতাই গৰখীয়াৰ কাম কৰি চাবলৈ মন কৰি পিছদিনা দুয়ো সালসলনি কৰি ললে। গধূলি দুয়োৰে দেখা হ’লত, গৰখীয়াই পানী দিওঁতাক সুধিলে,– “সখি কাম কেনে পালা?” পানী দিওঁতাই উত্তৰ দিলে,— “তুমি যেনে পালা।” ইয়াৰ পিচত দুয়ো দুয়োকো শলাগি কলে যে এই তুলসীজোপাৰ গুৰিত ইমানবোৰ পানী দিয়া যায় সেই পানীবোৰ থিতাতে কলৈ শুহি যায় চাব লাগিল। ইয়াকে দুইয়ো পাঙি, ৰাতি বামুণ শুলত, কোৰ এখন আনি তুলসীজোপা খানি তুলি চাই দেখিলে যে তাৰ তলতে পাঁচহাতমান দ এটা ডাঙৰ গাঁত আছে। জালুক বেপাৰীক এদা বেপাৰীয়ে কলে,– “সখি তুমি নামি চোৱাগৈ গাঁতটোত কি আছে।” জালুক-বেপাৰী নামি গৈ দেখিলে যে গাঁতটোৰ তলিত কেবাকলহো ৰূপ আছে। সি লৰালৰিকৈ গাঁতৰপৰা উঠি আহি সেই কথা ইটোক ক’লত, দুয়ে৷ তেতিয়াই সিহঁতৰ গাৰ বৰ কাপোৰ দুখনৰে দুটা ডাঙৰ মোনা সিলে। এদাৰ বেপাৰীয়ে জালুকৰ বেপাৰীক কলে,—“সখি তুমি এটা মোনা লৈ গাঁতলৈ নামি যোৱা আৰু সেই মোনাত এমোনা ৰূপ ভৰাই গাঁতৰ ওপৰলৈ, তুলি দিবা। তাৰ পিচত ইটো মোনাও মই পেলাই দিম আকৌ তাত তুমি ৰূপ ভৰাই তুলি দিবা।” এইদৰে আলচি জালুক-বেপাৰীয়ে এমোনা

১৫৬