দুয়ো দুয়োকো ঠগিলো বুলি ভাবি মনে মনে ৰং পাই ঘৰ পাই দুয়ো নিজৰ নিজৰ ভাৰ মেলি চাই দেখিলে যে, দুয়ো সমান, কোনেও কাকো বলে নোৱাৰিলে। এই ঘটনাৰ ভালেমান দিনৰ পিচত এদিন দৈবাৎ আকৌ সেই হাটতে দুয়োৰো দেখা হ'লত জালুক ভাৰৰ গৰাকীটোৱে কেতুৰিভাৰৰ গৰাকীটোক সুধিলে, “হেৰ৷ ককাই, সেই দিন৷ জালুকভাৰ কেনে পাল৷?” কেতুৰিৰ গৰাকীয়ে কলে,—“এদা ভাৰ যেনে পালা তেনেকুৱাই।” এইদৰে কথাবাৰ্তা পাতি দুয়ো দুইকো শলাগি কলে,—“আমি দুয়ো যোৰ হৈছোহঁক; আহাঁ৷ সখি বান্ধোহঁক।” এই বুলি দুয়ো সখি বন্ধাই লগ লাগি লোকক ঠগাই ধন ঘটিবৰ মনেৰে এঠাইলৈ ওলাই গ’ল। দুয়ো গৈ এঘৰ বামুণৰ ঘৰ পালেগৈ। সিহঁতে বামুণক—“আমি কাম-কাজ বিচাৰি আহিছোঁ” বুলি ক'লত, বামুণে সিহঁতক নিজৰ ঘৰতে বনুৱা কৰি ৰাখিলে। জালুকৰ বেপাৰীক বামুণে তেওঁৰ কপিলী গাইজনী ৰাখিবলৈ দিলে আৰু এদাৰ বেপাৰীক তুলসীজোপাৰ গুৰিত পানী দিবলৈ লগালে। বামুণৰ কপিলী গাইজনী বৰ দুষ্ট আৰু চুৰণী; তাইক জালুক বেপাৰীয়ে এখন্তেকে৷ এৰি দিব নোৱাৰে। দিলেই তাই লৰি গৈ লোকৰ বাৰীত সোমাই শাক-পাত, ধান-চাউল খাই আধ্যা কৰে। তুলসীজোপাও এনে আহুকলীয়া যে তাৰ গুৰিত যিমানেই পানী দিয়া সেই পানী থিতাতে নাইকিয়া হয়। সিটোৱে গৰু ৰখি ইটোৱে তুলসী গছৰ গুৰিত পানী দি হাইৰাণ; দুয়ো ওৰে দিনটো সেই কাম দুটা কৰি সুস্থিৰকে নোপোৱা হ’ল। সেইদেখি দুয়ো পেটে পেটে ভাবিলে যে সিহঁতৰ বন দুটা সালসলনি কৰি দুয়ো দুইকো ঠগিব। ইয়াকে ভাবি এদিন গৰখীয়াই পানী আনি দিওঁতাক সুধিলে,—“সখি, তোমাৰ কামটো কেনে? মই হলে মোৰটো বৰ