কিন্তু তাত খোৱা বস্তু একো নাপাই, চিলাই সাপটো দেখি টোপোলাটো পেলাই তাকে দিলে।
ইয়াৰ পিচত এদিন সৰু মাজু বৰজনাকে শুকান গোবৰ খুটিৰ টোপোলা এটা বান্ধি লৈ আহি তাক চালৰ পাচতে খোচা মাৰি থৈ বোৱাৰীয়েকক কলে, “ইয়াতে বস্তু এটা আছে নি থবি।” তাই মেলি চাই দেখিলে গোবৰৰ খুটি ডোখৰ। বাৰু ইয়াকে চুঙাৰ ফোপত ভৰাই থওঁ বুলি তাই ভৰাই থৈ দিলে। প্ৰায় পাঁচ বছৰমানৰ মূৰত এজন ৰজাই জীয়েকৰ নৰিয়াত দৰবৰ মিনিত্তে পাঁচবছৰীয়া শুকান গোবৰ বিচাৰ কৰিলে। কিন্তু কতো নাপাই কলে বোলে, “যেয়ে মোক এনে গোবৰ দিব তাক সোণ-ৰূপ দুচৰু দিম।” এই কথা নগৰত ঢোল পিটি শুনাই দিলে, অকস্মাৎ তাইৰ মনত পৰিল সেই গোবৰৰ খুটি ডোখৰৰ কথা। মনত পৰি তাই তাক ৰজালৈ পঠিয়াই দিলত ৰজাই তাইক দুচৰু সোণ-ৰূপ দিলে।
এদিন নুমলীয়া বোৱাৰীয়েকক এটা মগনিয়াৰ ফকীৰে মন্ত্ৰ কৰি পলুৱাই নিলে। তাৰ পিচত সেই ঘৰৰ মানুহবোৰ মৰি-জহি ঢুকাল; গৰু, ম’হ, হাতী, ছাগলী হেৰাই মৰি নিপাত হবলৈ ধৰিলে। একমাত্ৰ বৰজনাৰ ল’ৰাটি ঘৰত ৰ’লগৈ। সিও শেহত তৰিব নোৱাৰি দেশে দেশে ফুৰি ফুৰি এখন অৰণ্যৰ মাজত নৈৰ ঘাটত খুৰীয়েকক লগ পালে। সিহঁতৰ দেখা-দেখি হোৱা মাত্ৰকতে চিনাচিনি হ’ল। ভতিজাকে কলে বোলে, “ঘৰ দুৱাৰৰ কথা কবলৈ সঁচ নাইকিয়া হ’ল, মইহে আছোঁ।” তাই কান্দি কাটি কলে বোলে, “মোক ফকীৰে নেৰে, পলাই গলেও মাৰিব; সি বৰ মন্ত্ৰ জানে। মই ফকীৰে কোৱা শুনিছোঁ বোলে ফকীৰৰ জীৱটো ব্ৰহ্মাৰ ওচৰত থকা শালিকা