সাউতকৰে নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই লৈ দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ’ল আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘুৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব।
বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধুলি এঘৰত আলহী ৰ’লগৈ। ৰাতি সি তাতে খাই বৈ শুই থাকি ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য’ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ দহ টকা সুমাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰ জোকাৰি ৰূপ দহ টকা উলিয়ালে। গৃহস্থই দেখি আচৰিত মানি, কি কথা, কি ব্যৱস্থা তাক সুধিলত সি কলে,—“এই ঘোঁৰাটোৰ খাবলৈ বাকী থকা ঘাঁহবোৰৰপৰা নিতৌ ৰাতিপুৱা দহ টকাকৈ ৰূপ পাওঁ; আৰু তাৰেই মই প্ৰতিপালিত হওঁ।” বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সি ঘোঁৰাটো বামুণৰপৰা কিনি লবলৈ বৰকৈ খট্ বান্ধকৈ ধৰিলে। দৰ-দস্তুৰ কৰি সি ছশ টকা ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি লবলৈ ওলাল। বামুণে প্ৰথমতে নিদিওঁ নথওঁকৈ শেহত কলে,– “বাৰু আৰু আঢ়ৈকুৰি অৰ্থাৎ ৬৫০ টকা দিয়া আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দিয়া। দি, তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা।” গৃহস্থই তাতে মান্তি হৈ ৬৫০ টকা আৰু নিজৰ ঘোঁৰাটো বানুণক দি বামুণৰ ঘোঁৰাটো ললে আৰু বামুণে লৰালৰিকৈ টোপোল৷ বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া সেই ন ঘোঁৰাত উঠি গুচি আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈৰ দোকা