সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


 বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হ’ল। তেতিয়ালৈকে তাৰ পেটত খুদ-কণ এটিও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গ’ল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীটোৱে খ৷ই-বৈ উঠি তাৰ ৮ বছৰীয়া পুতেকক দোকান ৰখীয়া পাতি সিটো কোঠালীত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হলতে ল’ৰাটোৱে সুধিলে,— “তোমাক কি লাগে? তোমাৰ নাম কি?” বামুণে উত্তৰ দিলে,—“মই মিঠৈ খাবলৈ আহিছোঁ; মোৰ নাম মাখি” এই বুলি বামুণে টপ্‌কৰে মিঠৈ মুখত সুমাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল’ৰাটোৱে বাপেকক মাতি কলে, – “বোপাই, বোপাই, মাখিয়ে মিঠৈ খাইছে।” বাপেকৰ চিলমিলকৈ টোপনি আহিছিল; পুতেকে তাৰ টোপনি ব্যাঘাত কৰা দেখি সি আমনি পাই উত্তৰ দিলে,– “মাখিয়ে মিঠৈ খাইছে যদি খাওক, তই মোক দিগদাৰি কৰি নাথাকিবি।” এই কথা শুনি বামুণে লাহেকৈ ল’ৰাটোক ক’লে,— “শুনিলি এতিয়া? তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে।” এই বুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল’ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক কলে, – “বোপাই মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে।” এইবাৰ বাপেকে ভেকাহি মাৰি দি কলে,—“আধ্যা কৰিলে যদি কৰক, তই কেপ্‌কেপাই নাথাকিবি।” ল’ৰাটোৱে এই কথা শুনি বাপেকক কথাটো ভালকৈ বুজাই কবলৈ ভিতৰলৈ উঠি গ’ল আৰু সেই সুৰুঙাতে বামুণে মিঠৈৰ দোকানীৰ হাতনি-পেৰাটো তাতে পৰি থকা দেখি তাৰপৰা দুকুৰি ৰূপ উলিয়াই লৈ পলায়ুৰ্দ্ধং কৰিলে। ল’ৰাটোৱে বাপেকক জগাই মাখিয়ে মিঠৈ থোৱা কথাটো ভাঙি কলত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে

১৪৬