পেটত সেই সোণৰ লাড়ুটো ওলাই পৰিল। সি তাৱৈয়েকক লাড়ুটো দেখুৱালত, তাৱৈয়েকে তাক কলে,—“তোমাৰ এইটোহে নিজৰ বস্তু। যোৱা এইটো ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক
তোমাৰ শত্ৰু বুলিহে ভাবিছিলা। এতিয়া মই দুইটা কথাৰে তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ। যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম-কাজ কৰি সুখেৰে খাই-বৈ থাকাগৈ। কোনো চিন্তা নাই, মোৰ প্ৰভুৱে তোমাৰ সততে মঙ্গল কৰিব।”
লট্কন
এখন দেশত লট্কন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখ-চোকা আছিল। গিৰিয়েকে টকা কড়ি ঘাটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, “এই ঘৰৰপৰা ওলাই যাওঁ। ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে আৰু মই ঘৰলৈ উভতি নাহোঁ। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গ’ল।