হেঁতেন তেন্তে তাক কেঁকোৰাই খোলাদি খুলি খুলি খালোহেঁতেন। কি কম ককাইটিহঁত, মনৰ কথা মনতে ৰৈ গ'ল।”
এইবোৰ কথাবাৰ্ত্তা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ’ল।
ইয়াৰ কিছুদিনৰ পিচত তাৰ ধান বেচিবৰ হ’লত সি তাৱৈয়েকক সুধিলে,–“তাৱৈ, মোৰ ধানগাল বেচিব খুজিছো।” তাৱৈয়েকে তাক সুধিলে,–“ধানৰ দৰ কি হৈছে?” সি উত্তৰ দিলে– টকাত ১২ পুৰা।” তাৱৈয়েকে কলে,—“এতিয়া বেচিব নেলাগে।”
আৰু কিছুমান দিনৰ পিচত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক কলে,—“তাৱৈ, ধানৰ দৰ কমিলহে। এতিয়া৷ কি কৰিম? লাহে লাহে কিজানি আৰু কমিবহে।” তাৱৈয়েকে সুধিলে, “কেই পূৰাকৈ হৈছে?” সি কলে—“এতিয়া ২০ পূৰা হ’ল।” তাৱৈয়েকে কলে,–“যোৱা এতিয়া বেচি দিয়াগৈ।” সি তাৱৈয়েকৰ কথামতেই টকাত ২০ পূৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালত তাৱৈয়েকে কলে,—“ভাল হৈছে; এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰিৰ হতুৱাই এটা লাড়ু গঢ়োৱা। তাৱৈয়েকৰ কথামতেই সি সোণৰ লাড়ুটো কৰি আনি তাৱৈয়েকক দিলত, তাৱৈয়েকে কলে,–“এই লাড়ুটো তুমি নৈত পেলাই দিয়াগৈ।” সি তাৱৈয়েকৰ কথা শুনি মনত বেজাৰ পাই অগত্যা সোণৰ লাড়ুটো নৈত পেলাই দিলেগৈ।
মাহচেৰেকৰ মূৰত ডোম এটাই এটা ৰৌমাছ বেচিবলৈ বুঢ়াৰপুতেকৰ ঘৰলৈ আনিছিল। সি ৰৌমাছটো লৈ কাটিলতে তাৰ