সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তাৱৈয়েকৰ সাধু
 

কেইটা য’ত পুতি থৈছিল আজি ৰাতি সেইখিনিতে পল এটা পাতি তাৰ ওপৰত পৰ দি বহি থাকিবা।” তাৱৈয়েকৰ কথা মতেই সি ঘৰলৈ গৈ ল’ৰাটো ধুৱাই-পখলাই ললে আৰু ৰাতি সেইদৰে পোতা-পুখুৰীৰ মাজত পল এটা পাতি পৰ দি থাকিল।

 ৰাতি দুপৰ হৈছে, এনেতে বৰটো ল’ৰাই গাঁতৰ ভিতৰৰপৰা মাত লগালে,—ভাইটি ঐ। মই থাকিবলৈ নাপালোঁ। পোৱাহেঁতেন তাক থিয়ৈ থিয়ৈ শূলত দিয়ালোহেঁতেন। উঃ কটা ভাল সাৰিল।” মাজুটো ল’ৰাই মাত লগালে,—“ককাইটি ঐ! মই থাকিবলৈ পোৱা হলে তাৰ ডিঙিত চিপজৰী লগালোহেঁতেন। তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে। ” ইয়াৰ পিচত ছোৱালীজনীয়ে মাত লগালে,—“ককাইটিহঁত, যদি ম‍ই কেনেবাকৈ থাকিবলৈ পালো-

১৪৩