সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


নহবি; কোনো কাম কৰিবলগীয়া হলে সখিৰ কাণ চুৱাই হে কৰিবি।”

 বাপেক ঢুকাল। পুতেকেও সেই মনে চিতেই তাৱৈয়েকৰ কথাত চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল’ৰা এটা উপজিলত সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ। তাৱৈয়েকে তাক কলে,—“তোমাৰ ঘৰৰ পিচফালে পোতা পুখুৰীটোত ল’ৰাটো নি এতিয়াই পুতি থোৱাগৈ।” সি তাৱৈয়েকৰ কথাত অবাক হ’ল। কিন্তু বাপেকৰ আজ্ঞা সুমৰি, একো নকৈ ল’ৰাটো নি তাৰ ঘৰৰ পিছফালৰ পোতা পুখুৰীত পুতি থলেগৈ। ইয়াৰ এবছৰ পিচত তাৰ আকৌ এটা ল’ৰা উপজিলত তাকো তাৱৈয়েকে আগৰ দৰে পুতি থবলৈ ক’লত, সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সাৰোগত কৰি মানি তাকে কৰিলে। ইয়াৰ ডেৰবছৰমানৰ পিচত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে। এইবাৰ সি ভাবিলে তাৱৈয়েকে তাক আগৰ দৰে ছোৱালীজনী পুতি থবলৈ ব্যৱস্থা নিদিয়ে। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল’ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থবলৈ কলে। সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি, তাৱৈয়েকৰ কথামতে ছোৱালীজনীকো পুতি থলে। ইয়াৰ দুবছৰমান পিচত তাৰ ঘৈণীয়েকৰ আকৌ ল’ৰা এটা উপজিল। সি এইবাৰ ভাবিলে যে বাৰু তাৱৈক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল’ৰাটো পুতি থবলৈ কলেও আৰু মই তেওঁৰ কথা নুশুনো। ইয়াকে ভাবি সি ভাৱৈয়েকৰ ঘৰলৈ গৈ ল’ৰা হোৱা বাতৰি দিলত, তাৱৈয়েকে তাক কলে,–বোপা, এই ল’ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ। কিন্তু মই এটা কথা তোমাক কওঁ,— তুমি তোমাৰ আগৰ ল’ৰা-ছোৱালী

১৪২