ঘৰ পাই বুঢ়াই ভেকুলীটো চোতালত পেলাই কাঠখৰি এডাল আনি তাৰ মূৰত মাৰ মাৰি দিব খোজোতেই ভেকুলীটোৱে বুঢ়াক মাত লগালে, “ককা মোক নামাৰিবা, মই তোমালোকৰ ঘৰত বহতীয়া
হৈ থাকি যি কৰিবলৈ কোৱা তাকে কৰিম।” বুঢ়াই উত্তৰ দিলে, “বাৰু অ'। তই মোৰ ঘৰত বহতীয়া হৈ থাকি মোক সোণৰ সোলেং এটা দিবি দেখিছোঁ। মোৰ পথাৰত কিজানি তই হাল কোৰো বাই দিবি হবলা।” ভেকুলীয়ে কলে,—“দিম, হাল কোৰ বাই ককা। তুমি মোক ৰাখি চোৱাচোন।” ভেকুলীৰ কথাটো শুনি বুঢ়াই ভাবিলে, “চোৱাই যাওকচোন ইনো কি কৰে; ই দেখোন বৰ গণ্ডপ মাৰিছে।” ইয়াকে ভাবি বুঢ়াই ভেকুলীটো নামাৰি ৰাখিলে। পিছদিনা পুৱাই বুঢ়াই ভেকুলীক কলে,—“যাচোন গৰুহাল লৈ পথাৰলৈ, তইনে৷ কি হাল বাৱ চাওঁ।” বুঢ়াৰ কথা শুনি ভেকুলীয়ে গৰু আৰু নাঙল লৈ বুঢ়াৰ পথাৰত হাল বাবলৈ গ’ল। সেইদিনা ভেকুলীয়ে খুব হাল বালে আৰু হাল বাই অঁতাই পথাৰত আলি দিবলৈ লাগিল।
এনেতে এক ৰজাই চহৰ ফুৰিবলৈ আহি মানুহে-দুনুহে ভেকুলীয়ে হাল বাই আলি দিয়া মাটি ডৰাৰ ওপৰেদি গচকি আলিটো ভাঙি তহিলং কৰি গ’ল। তাকে দেখি ভেকুলীয়ে ৰজাক নথৈ গালি পাৰিবলৈ ধৰিলে। ৰজাই গালি শুনি চাৰিওফালে চায়হে চায় কোনে গালি পাৰিছে, গৰুহালৰ বাহিৰে আন কাকো তাত নেদেখে। বাৰেপতি গালি পৰা শুনি ৰজাৰ অসহনীয় হলত, তেওঁ খং কৰি গৰুহালকে লৈ গুচি গ’ল।
ভেকুলীয়ে এই কাণ্ড দেখি লাহেকৈ বোকাৰ তলৰ পৰা ওলাই উঠি বুঢ়াৰ ঘৰলৈ উভতি আহি বুঢ়া-বুঢ়ীক সকলো ভাঙি ক’লত