এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
কথা কৈ জোঁৱায়েকক তাৰপৰা ধৰি-মেলি আনি গা-পা ধুৱাই শুকান চুৰিয়া পিন্ধাই পাটীত শুৱাই থৈ দিলে।
⸻
ভেকুলীৰ সাধু
এখন গাঁৱত এটা বুঢ়া আৰু এজনী বুঢ়ী আছিল। সিহঁত অপুত্ৰক আৰু বৰ দুখীয়া আছিল। এদিন গঞা মানুহে মাছ ধৰিবলৈ বুলি পল জুলুকি লৈ উকিয়াই ওলালত বুঢ়া-বুঢ়ীৰো গা উঠিল। বুঢ়াৰ ভগা পল এটা আৰু বুঢ়ীৰ ভগা জকাই এখন আছিল, তাকে লৈ মাছলৈ দুয়ো ওলাল। বিলত নামি গঞা মানুহে গাইপতি ভাৰে ভাৰে মাছ মাৰিছে। কিন্তু বুঢ়া-বুঢ়ীয়ে চবিয়াই চবিয়াই চন্দা এটাও ধৰিব নোৱাৰিলে। শেষত বুঢ়াৰ খং উঠি বুঢ়ীৰ সৈতে দন্দ এখন পাতি লৈ উত্তৰা-উত্তৰি কৰি বুঢ়ীৰ ওপৰত খং সাৰিবলৈ ধৰিলে। বুঢ়ীয়ে বুঢ়াৰ গালিত মনত বৰকৈ বেজাৰ পাই ভগা জকাইখন লৈ আকৌ চাবচেৰেক মাৰিলত, তাইৰ জকাইত এটা ভেকুলী উঠিল। বুঢ়ীৰ জকাইত ভেকুলীটো উঠা দেখি বুঢ়াই খঙতে চিটিকি পৰি ভেকুলীটোকে এসেকা দিওঁগৈ বুলি ঘৰলৈ আহিল।
১৩৮