সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জোঁৱাইৰ সাধু

 এদিন এটা মানুহে তাৰ জোঁৱায়েকক বিহু খাবলৈ মাতিছিল। জোঁৱায়েকে শহুৰেকৰ নিমন্ত্ৰণ ৰাখিবলৈ আবেলি বেলিকা ঘৰলৈ যাবলৈ ওলাল। শহুৰেকে অকলৈ যাবলৈ কৈছিল সেই কাৰণে সি কোনো মানুহ লগত লৈ যোৱা নাছিল। কিন্তু সি অলপ বাট গৈ দেখিলে,—তাৰ লগত তাৰ ছাঁটোও আহিছে। সি ভাবিলে শহুৰে মোক কোনো মানুহক লগত নিনিবলৈ কৈছে, যদি ম‍ই এতিয়া ছাঁটো মোৰ লগত লৈ যাওঁ তেন্তে শহুৰে মোক নিশ্চয় খং কৰিব। ইয়াকে ভাবি সি ছাঁটোক কলে,—“হেৰ তোক কি লাগে, কিয় আহিছ? গুচি যা।” কিন্তু ছাঁটোৱে নমতা দেখি সি আকৌ সুধিলে, – “তই নামাত কিয়? চেলেংখন লাগে নেকি?” এই বুলি যেতিয়া সি মূৰ লৰালে তেতিয়া অলপ ছাঁটোৱেও মূৰ লৰালে। ছাঁটোৱে মূৰ লৰোৱা দেখি সি ভাবিলে, ইয়াক চেলেংখন লাগে। ইয়াকে ভাবি সি চেলেংখন তাতে পেলাই গুচি গ’ল। গৈ সি আকৌ ছাঁটো দেখিলে। সি এইবাৰ চোলাটো ছাঁটোক দিলে। এইদৰে তাৰ চুৰিয়া, গামোছা সকলোকে দি অন্ত কৰিলে। লাহে লাহে গধূলি হৈ আছিল, ছাঁ নেদেখা হ'ল। তেতিয়া ভাবিলে ছাঁটো গ’ল। সি কুকুৰীকণা আছিল, সেই কাৰণে অলপ গৈয়েই বাট নেদেখা হ’ল। এনেতে সি তাৰ শহুৰেকৰ বুঢ়া গৰু এটা দেখিলে। সি বুঢ়া গৰুটোৰ

১৩০