- দুহাতে দুমুঠি নলওঁ চাৰি মুঠি,
- ডিঙিতো নিপিন্ধো হাৰ |
- খাটলিপীৰাতে বহি ভাতে নাখাওঁ,
- বেটীয়ে নধৰক আল।
- আগেয়ে আছিলা মৰমৰ ককাইদেউ
- এতিয়া হলাহি স্বামী।”
পানেশৈয়ে এইদৰে কৈ একোতে নাহিলত, মাক আৰু ককায়েক বেজাৰত ঘৰলৈ গুচি আহিল। দিনত পানেশৈয়ে ইকৰাৰ পাতৰ নাও আৰু বঠা লৈ এইদৰে খেলাই ফুৰে, ৰাতি ছোৱা গছৰ মূঢ়াতে, সোমাই থাকে।
এদিন ককায়েকে ছোৱাৰ মূঢ়াৰ ওপৰত উঠি বৰশী বাইছিল। বৰশীত মাছে নুখুটি কেৱল কাণীপুঠি দুটামানে খুটিছিল। দেখি পানেশৈয়ে মূঢ়াৰ ভিতৰৰ পৰা মাত লগালে—
“একো মাছে নোখোটে, খোটে কাণীপুঠি।
ককায়ে বৰশী বায় ছোৱা মূঢ়াত উঠি।”
এইদৰে কেবাবাৰো মাতি আছে। ককায়েকে শুনি থাকি ইয়াতনে৷ কি আছে বুলি মূঢ়াটো কুঠাৰ এখন আমি চিটাচিট কৰি পেলালেহি। এনেতে সেই মগনিয়াৰ বুঢ়ীজনী আহি এচটা খৰি খুজিলে। সি খঙত জ্বলি উঠি কলে,—“বেটী তয়ে মোৰ বিয়াখন ভাঙিলি। এতিয়া আকৌ খৰি বিচাৰি আহিছ। যা তোক খৰি নিদিওঁ।” বুঢ়ীয়ে নৈৰ পলশবোকাত চিটিকি পৰি থকা চলি এচটাকে লৈ গুচি গ’ল। চলি চটা বুঢ়ীয়ে ধুই পখালি ধোঁৱাচাঙত তুলি থলেগৈ, পানেশৈ সেই চলিতে সোমাই আছিল। বুঢ়ীয়ে বাহিৰলৈ