সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 

বটিছ; ছোৱালী কোন কব পাৰ নে?” এই বুলি সুধিলে। পানেশৈয়ে “নোৱাৰে৷ কব বাই; কোন নো কচোন?” বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে কলে,—“ছোৱালী আৰু কোন হব আই, তোৰে লগত বিয়া পাতিছে।” পানেশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ীক—“বাই মইনো এতিয়া কি কৰিম কচোন?” বুলি সোধাত বুঢ়ীয়ে কলে,—“তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাত লৈ, তহঁতৰ ঘৰৰ পিচত থকা বৰ পুখুৰীত খেলাই থাকগৈ। তোক মাতিলে কেতিয়াও নাহিবি। ৰাতি হলে পুখুৰীৰ পাৰতে থকা ছোৱা গছৰ মূঢ়াতে সোমাই থাকিবিহি” বুলি বুধি দি গুচি গ’ল। পানেশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এপাত লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলে। মাকে মাতেহে মাতে, পানেশৈ নাহে।

১২৬