“মোক লাগে নে, পৃথিৱী চাবলৈ লাগে?” তেতিয়া তুমি পৃথিৱী চাওঁ বুলি কবা। তোমাক তেতিয়া মুখ মেলি গোটেইখন পৃথিৱী দেখুৱাই পানীত বুৰ মাৰি—“মোক আৰু ছবছৰৰ পিছত দেখা পাবা” বুলি কব; কিন্তু সেই কথাত তুমি অলপো নিপিছলি নৈৰ পাৰত বহি থাকিবা; দেখিবা অলপ পৰৰ পিচত তেওঁ আকৌ তোমাৰ ওচৰলৈ আহিব।” চম্পাৱতীয়ে এই কথাত আনন্দিত হৈ ৰং মনেৰে বুঢ়ীক আগৰ দৰে সোণ এচৰুৱে, ৰূপ এচৰুৱে দি বিদায় দিলে। বুঢ়ীয়ে নিজৰ অভিপ্ৰায় সিদ্ধি হবৰ আগন্তুক দেখি হৰিষ মনেৰে ঘৰলৈ উলটি গ’ল। চম্পাৱতীয়ে বুঢ়ীয়ে কোৱা মতে পিছদিনা একেখন কাঁহীতে গিৰিয়েকৰে সৈতে খাবলৈ বহিল। গিৰিয়েকে—“তোমাৰ মতি গতি লাহে লাহে বেয়া হৈছে” বুলি কৈ সেই কাঁহীতে খালে। খাই বৈ উঠিলত চম্পাৱতীয়ে বুঢ়ীয়ে কোৱামতে—“আপোনাৰ লগত আজি ভাত খাওঁতে আপোনাৰ মুখৰ ভিতৰত অনেক গাওঁ থকাৰ নিচিনা দেখিলো, আপোনাৰ মুখখন মেলি তাত কি আছে মোক দেখুৱাওকচোন” বুলি কলত, গিৰিয়েকে চম্পাক কলে,—“তেনেহলে মোক আৰু তুমি দেখা নোপোৱা। ”
চম্পাৱতীয়ে তেতিয়াও নুশুনাত অগত্যা তেওঁ নৈলৈ গৈ আকৌ এবাৰ চম্পাক কলে,—
- “মৰমৰ চম্পা ঐ।
- কোৱা থিৰে কৰি, মোক লাগে নে, পৃথিৱী চাবা?”
চম্পাৱতীয়ে ক'লে—
- “চৰণে ধৰিছে৷, কাকুতি কৰিছোঁ দেউতা ঐ।
- তোমাকে৷ লাগে পৃথিৱীও চাম।”
- গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ১১৭
- গিৰিয়েকে মুখখন মেলি চম্পাক পৃথিৱী দেখুৱাই এটি সোণৰ