এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চম্পাৱতী
ওলাই গ’লত, অকস্মাৎ এজনী বুঢ়ী আহি সেই ঘৰত ওলালহি। চম্পাৱতীয়ে বতহুদিন মানুহৰ মুখ দেখা নাছিল; সেই বাবে বুঢ়ীক দেখি আনন্দ মনেৰে আস্তবেস্তকৈ বহিবলৈ দি ক’ৰ মানুহ, ক’লৈ আহিছে বুলি সোধাত, বুঢ়ীয়ে কলে— “আই, তুমি যিজন অজগৰ সাপ পতি ৰূপে পাইছা, সেইজন এজন দেৱতা। তেওঁ সদায় নিশা তোমাক চিকুটি-বাকুটি সাৰ নোপোৱ৷ দেখিলে সাপৰ মোটটো পলাই থৈ দেৱতা ৰূপ ধৰি স্বৰ্গলৈ গুছি যায় আৰু তাতে দেৱতাবিলাকৰ সৈতে কথা পাতি থাকেগৈ। আই, যদি তোমাৰ অজগৰক তুমি দেৱতাৰূপে পাবলৈ আশা কৰা তেনেহলে আজি ৰাতি তুমি সাৰে থাকি চিকুটা-বাকোটা কৰিলে একো গম নোপোৱা দেখুৱাই টোপনি ভাও জুৰি থাকিবা। তেওঁ তোমাৰ টোপনি ভালকৈ আহিছে ভাবি সাপৰ
১১৫