সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


আনন্দত টোপনি গৈছে।” ইয়াকে ভাবি মাকেও ৰং মনেৰে শু‍ই থাকিল। ৰাতিপুৱা মাকে টোপনিৰপৰা উঠি আনন্দ মনেৰে গৈ দেখে যে জীয়েক নাই, অজগৰটোহে খাই গেৰেলা হৈ পৰি আছে। তেতিয়া তাই কথাটে৷ বুজিব পাৰি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে। কান্দোন শুনি গিৰিয়েক ওলাই আহি কি হ’ল বুলি সোধাত ঘৈণীয়েকে সকলো কথা ক’লত, সি ঢাচকৰে মাটিত পৰিল। এলাগী আৰু চম্পাৱতীয়েও কান্দিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহ আহি গিৰিয়েক-ঘৈণীয়েকক নিন্দি অজগৰৰ পেট ফালি জীয়েকক উলিয়াই শটো খৰি দিলে। ইয়াৰ পিচত গিৰিয়েক আৰু লাগীয়ে এলাগী আৰু চম্পাৱতীক সমূলি দেখিব নোৱাৰ৷ হ’ল। দিনে ৰাতিয়ে কেনেকৈ মাক-জীয়েকক মাৰিব পাৰিব ইয়াকেহে সিহঁতে ভাবিবলৈ ধৰিলে। এদিন ৰাতি দুয়ো হাতত তৰোৱাল লৈ মাক-জীয়েকক কাটিবলৈ যাওঁতেই চম্পাৱতীক বিয়া কৰোৱা অজগৰটোৱে হঠাৎ ওলাই আহি দুয়োকো গিলি থৈ চম্পাৱতীক আৰু মাকক টোপনিতে দাঙি লৈ এখন অৰণ্যৰ মাজৰ এটা ভাল পকি ঘৰত থলেগৈ। পিচদিন৷ মাক আৰু জীয়েকে উঠি অচিনাকি ঠাই দেখি ভয়ত কান্দিবলৈ ধৰিলে। সাপে কলে, – “ইয়াত তোমালোকৰ একো ভয় নাই; মই হে তোমালোকক ইয়ালৈ লৈ আহিলোঁ।” এই বুলি কৈ নিশাৰ ঘটনাটোৰ কথা সি কবলৈ ধৰিলে। তাৰ কথা শেষ হ’লত মাক আৰু জীৱেকে অজগৰক শলাগি তাতে ৰং মনেৰে থাকিল। সেই অৰণ্যৰ ঘৰতে মাক-জীয়েকে আৰু অজগৰ সুখেৰে খাই-বৈ থাকিবলৈ ধৰিলে। তাতে থাকোঁতে হঠাৎ এদিন মাকৰ জ্বৰ হৈ মৃত্যু হ’ল। অজগৰে আৰু জীয়েকে শোক কৰি কান্দি-কাটি মাকৰ সৎকাৰ কৰিলে। ইয়াৰ কিছুমান দিনৰ পিচত অজগৰ ফুৰিবলৈ

১১৪