এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
পেটৰ কামোৰণিত ৰক্ষাকে পোৱা নাই। কি কৰোঁ, কলৈ যাওঁ?” মানুহটোৱে তীখৰৰ পেটত ঘঁহি দিবলৈ এটোপা তেল আনিবলৈ লৰালৰিকৈ আকৌ ভিতৰলৈ গ’লতে তীখৰে “উস্ মই ঘৰলৈকে যাওঁ; ইয়াত থাকিলে মৰিম” বুলি ৰিঙিয়াই কৈ উঠি লৰ মাৰিলে। ঘৰলৈ আহি তীখৰে বায়েকক —“এইয়া ধান নে” বুলি কৈ কাপোৰ খন জোকাৰি ধান এগাল উলিয়াই দিলে। বায়েকৰ মহা ৰং। তাই কলে,—“ধান জানিবা পালো, কিন্তু তেল এটোপ৷ পাওঁ ক’ত?” তীখৰ—“বাৰু মোক টেকেলি এটা দে” বুলি কৈ, বায়েকক খুজি টেকেলি এটা লৈ আকৌ ওলাই গ’ল। গৈ গৈ এঘৰ মানুহৰ ঘৰত তেলীশালত তেলপেৰা দেখি তাত সোমাই কাষতে অলপ থিয় দি গৰাকীক কলে,—“ককাই, ময়ো বেতেৰিটোৰ ওপৰত উঠিম নে? ভৰ সৰহ হলে বেগাই তেল ওলাব।” শালৰ গৰাকীয়ে কলে,— “উঠিবৰ
১০৬