সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কটা যোৱা নাক খাৰণী দি ঢাক
 

সি তোমাক বুধি কৰি আনিছে। সি তোমাক বিয়া কৰাব। আজি সি গাৱঁলৈ গৈছে, তোমাৰ বিয়ালৈ বয়-বস্তু আনিবলৈ। কাইলৈ উভতি আহিব। আই, তুমি বেজাৰ নকৰিবা, তোমাৰ মহা সুখ হব।” এইবুলি বুঢ়ীয়ে কুঁৱৰীক বুজাই ভাত খাবলৈ আনি দিলে। কুঁৱৰীয়ে কিন্তু ভাত হাতেৰে নুছুলে। ৰাতিটো কুঁৱৰী বুঢ়ীৰে সৈতে একেলগে থাকিল। কিন্তু ৰাতিপুৱাই আহিলত, তেওঁ বুঢ়ীৰ লগৰপৰা লাহেকৈ উঠি জৰী এডালেৰে বুঢ়ীক শোৱা চালপীৰাতে কটকটীয়াকৈ বান্ধি থৈ তাৰ ঘোঁৰাশালৰপৰা ভাল তেজী ঘোঁৰা এটা মেলি লৈ ঘোঁৰাত উঠি ফাইদাং মাৰিলে। কুঁৱৰীয়ে ঘোঁৰাত উঠি ঘোঁৰা চেকুৰাই আহোঁতে বাটৰ এঠাইত দেখিলে যে সেই মানুহটো এজোপা গছৰ তলত বহি আছে। সি দূৰৈৰপৰা কুঁৱৰীক দেখি, ঘোঁৰাত উঠি ৰজাৰ চিপাহী আহিছে ভাবি সাউংকৰে উঠি হাবিৰ মাজত সোমালগৈ। কুঁৱৰীয়ে সেই গছৰ তল পাই দেখিলে যে গছৰ গুৰিতে কিছুমান বাখৰপতোৱা সোণৰ অলঙ্কাৰ পৰি আছে; মানুহ টোৱে লৰালৰিকৈ উঠি পলাই যোৱা বাবে সেইবোৰ লৈ যাব নোৱাৰিলে। কুঁৱৰীয়ে সেই অলঙ্কাৰবোৰ বুটলি লৈ ঘোঁৰা চেকুৰাই ৰজাৰ হাউলি পালত, সকলোৱে দেখি আচৰিত মানিলে। কুঁৱৰীয়ে তেতিয়া সকলোবোৰ কথা আগৰ পৰা গুৰিলৈকে ভাঙি ক’লত সকলো অবাক হ’ল।

 মানুহটোৱে তাৰ ঘৰলৈ গৈ কুঁৱৰী পলাই যোৱা দেখি মাকৰ বান্ধ মোকোলাই দি তেতিয়াই ৰজাৰ নগৰৰ ফালে আহিল। গধূলি সৰু বোৱাৰীয়েকে শাহুৱেকৰে সৈতে কথা পাতি থাকোঁতে সি আকৌ আগৰ দৰে বেৰৰ জলঙাইদি নাকটো সুমাই কথা শুনি আছিল। চতুৰ সৰু কুঁৱৰীয়ে তাৰ গম পাই লাহেকৈ উঠি গৈ

১০৩