সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 

“নিছিঙিবি নাভাঙিবি মোৰ জালি তাঁত,
ভালে ভালে তুলি থ।”

 ৰজা ওচৰত বহি আছিল। এই কথা শুনি ৰজাই শালিকাটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল। আন এদিন দুপৰীয়া ৰজা খাই-বৈ উঠি তুলাৰে সৈতে বহি পাশা খেলিছে। এনেতে শালিকাটিয়ে উৰি আহি অলপ দূৰতে পৰি মাতিবলৈ ধৰিলে,—

“কিনো ৰজা তুমি আভোল-ভোল হ'লা।
জেশাহুৰে সৈতে পাশা খেলিলা।"

 ৰজাই শালিকাৰ কেল্‌কেলনি প্ৰথমতে বৰকৈ কাণ নকৰি একান্তমনে পাশা খেলিছে। কিন্তু চৰাইটোৱে আকৌ এবাৰ সেইদৰে মাতিলে,—

“কিনো ৰজা তুমি আভোল-ভোল হ'লা।
জেশাহুৰে সৈতে পাশা খেলিলা।"

 ৰজাই শালিকাৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ গুণিবলৈ ধৰিলে। ৰজাই লাহেকে ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে এটা ভোক লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকাৰ ফালে চাই কলে,—“যদি তই আন কোনোবাহে, তেন্তে উৰি আহি মোৰ হাতৰ পৰা পিয়াহ লাৰুটো লৈ গুচি যাবি,আৰু যদি মোৰ কোনোবা আপোন মানুহ হে তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাবি।”এই বুলি ৰজাই ক'লত, শালিকাটি উৰি আহি

৯৬