সমললৈ যাওক

পৃষ্ঠা:বুঢ়ী আইৰ সাধু.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বুঢ়ী আইৰ সাধু
 


বুঢ়ীয়ে আগেয়ে শিকাই থোৱা দৰে ৰাণী গৈ নাওঁ চপা ঘাটতে বহি আছিল।তেজাৰ নাওঁ যেতিয়া ঘাট চাপিলহি তেতিয়াই ৰাণীয়ে মাত লগালে—

“এইপিনে নুঠিবি শাধিনী তেজা,
ৰজাই গা ধোৱা ঘাট।”

 এই কথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ'লতে, ৰাণীয়ে আকৌ মাত লগালে,-

“এইপিনে নুঠিবি শাখিনী তেজা,
ৰজাৰ চাউল ধোৱা ঘাট।”

 এইদৰে যেনিয়েই তেজা উঠিবলৈ যায় তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে। এনেতে ৰজা আহি পালেহি। ৰজাক দেখি তেজাই বিনাই কলে,—

“শুনা শুনা নৃপতি ৰজা,
ৰাণী বাই বুলিছে শাখিনী তেজা।”

ৰজাই কলে,—

“বোলকে বোলকে শাখিনী তেজা।
তুমি হবা মাদৈ, মই হম ৰজা।”

 এইবুলি ৰজাই তেওঁৰ গা ধোৱা ঘাটেদিয়েই তেজাক তুলি আনিলে। ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল। তেজাই ঘৰৰ দুৱাৰমুখ পাই কলপুলিৰ তলত থিয় হওঁতেই তেজাৰ গাৰ কাপোৰৰ আঁচল লাগি কলপুলি দুটা পৰি গ'ল। তাকে দেখি কুঁৱৰীয়ে মাত লগালে,-

৯২