দেখিয়োক ৰাম চন্দ্ৰ হৰি বানৰ সহিতে মিত্ৰ কৰি
লঙ্কায় সহিত ৰাবণ বধ কৰিল॥ ৩
বিষ্ঠা মূত্ৰ কৰি নোধোৱয় অশুচি বানৰ দুৰাশয়
তাক গলে বান্ধি ধৰিলন্ত প্ৰভু ৰাম।
হনুমন্ত মহা মহাবীৰ নাহি নাহি শ্ৰেষ্ট গুৰুতৰ
পৰম মহন্ত নাহি কয় যাৰ সম॥ ৪
গুহ চান্দালক সাৱটিলা তাহৰি ভক্তিত তুষ্ট ভৈলা
পৰম ঈশ্বৰ দেৱতাৰ আদি দেৱ।
ভকতিত বশ্য ভগবন্ত মানিকুল হুয়া নবাখন্ত
জানিয়া সকলে ৰামক কৰিবা সেৱ॥ ৫
আৰু কথা কহো শুনিয়োক সমাজিক যত সব লোক
এক চিত্ত কৰি পৰম আনন্দ মনে।
পৰম অমৃত পীয়া নিত পৰম আনন্দে শুনিয়োক
ভজা যত্ন কৰি সুদৃঢ় কৰিবা মনে॥ ৬
সৃষ্টিৰ আদিত বুলিলন্ত নাৰায়ণ দেৱ ভগৱন্ত
দিলা মাত সবে ঈশ্বৰক চাই চাই।
ৰমন দ্বীপক ছলা তুমি নিশ্চয় কৰিয়া কৈলো আমি
মোৰ আজ্ঞা মানি সৃষ্টি প্ৰবৰ্ত্তাবা যাই॥ ৭
হেন শুনি দীপ নাৰায়ণে ছলি গৈলা ৰঙ্গে তেতিক্ষণে
পৰম আনন্দে সৃষ্টি প্ৰবৰ্ত্তাবলই।
শুনা পাছে তাৰ যেন ভৈলা তাৰ তিনি পুত্ৰ উপজিলা
পৰিল সৃষ্টি কৰিবাক সত্বৰে লই॥ ৮
পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে