এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২
বুঢ়াভাষ্য
ৰাজাক সম্বোধি পাছে শঙ্কৰে কহিলা।
যি হেতু শুনিবাক তোমাৰ মতি ভৈলা॥
যাহাক শুনিলে হয় কৃষ্ণত ভকতি।
অপ্ৰয়াসে পায় যিটো ভুকুতি মুকুতি॥ ৩
হেন মাধৱক তুমি হৃদয়ে ধৰিবা।
যাহাৰ কৃপাত সুখে বৈকুণ্ঠক পাইবা॥
এহিবুলি শঙ্কৰে ৰাজাক সমাদৰি।
কহিবে লাগিলা তত্ত্ব হৰিক সুমৰি॥ ৪
শ্ৰীশ্ৰীকৃষ্ণায় নমো নমঃ॥
—০—
“ত্ৰিপদী’’
জয় জয় নমো নাৰায়ণ অনন্ত ঈশ্বৰ সনাতন
তোমাৰ চৰণে নমস্কাৰ কোটী বাৰ।
তযু দাস মই মন্দমতি তোমাৰ চৰণে কৰো নতি
বঢ়া টুটা দোষ নেদিবা তুমি আমাৰ॥ ১
অনন্ত ঈশ্বৰ দেৱ হৰি নৰ ৰূপে আছা অৱতৰি
তথাপিতো দেখা ভৈলা জগতৰ ধাম।
নপাৱন্ত যাক জ্ঞানী গণে অৱজ্ঞা কৰয় যিটো জনে
সুমৰণে সিজে ধৰ্ম্ম অৰ্থ মোক্ষ কাম॥ ২
ভাষ্যৰ পৰম কথা সাৰ লৈয়োক বিচাৰি অৰ্থ তাৰ
সমস্ত শাস্ত্ৰৰ সন্মত ইটো জানিবা।