পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বুঢ়াভাষ্য।

বা

ষোড়শ যুগ তত্ত্ব।

বেদানুদ্ধৰতে জগন্নিবহতে ভূগোলমুদ্বিভ্ৰতে।
দৈত্যংদাৰয়তে বলিং ছলয়তে ক্ষত্ৰক্ষয়ং কুৰ্ব্বতে॥
পৌলস্তং জয়তে হলং কলয়তে কাৰুণ্যমাতম্বতে।
ম্লেচ্ছান মুৰ্চ্ছয়তে দশাকৃতিকৃতে কৃষ্ণায় তুভ্যং নমঃ॥


॥ পদ॥

শঙ্কৰে বোলন্ত শুনিয়োক নৃপবৰ।
কহা বুঢ়াভাষ্য ইটো অতিমনোহৰ॥
সমস্ত শাস্ত্ৰৰ তত্ত্ব জানিবাহা তুমি।
কৰিবো বেকত তোমাসাৰ আগে আমি॥ ১
শুনি নৰনাৰায়ণে পৰম কৌতুকে।
কহিয়োক গুৰু তাৰ ৰহস্য আমাকে॥
কেন বুঢ়াভাষ্য নাম ধৰিয়া আছয়।
ইহাৰ সম্ভেদ গুৰু কহিবা নিশ্চয়॥ ২