পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 ধৰ্ম্মই হৈছে এই বিশ্বজগতৰ ধৰণী। ইয়াৰ যেতিয়া গ্লানি হবৰ সম্ভব হয়, তেতিয়া জগদীশ্বৰে, দুষ্টক দমনাৰ্থে, শিষ্টক ৰক্ষাৰ হেতুকে, স্বয়ং মহাপুৰুষ স্বৰূপে পৃথিবীত জন্ম গ্ৰহণ কৰি আকৌ শুদ্ধ ধৰ্ম্ম পথ প্ৰবৰ্ত্তন কৰে। সেই ধৰ্ম্ম পথক চিৰ সনাতন কৰি ৰাখিবলৈ অনেক ভক্তি আৰু পৰমাৰ্থ তত্ত্ব যুক্ত ধৰ্ম্ম পুথি ৰচনা কৰে। তেনেকুৱা ঐশ্বৰিক ভক্তি পূৰ্ণ, প্ৰায় চাৰিশ বছৰীয়া পূৰণি পুথি এখন, আমাৰ আৰ্থিক অৱস্থা অতিশয় শোচনীয় হেতুকে, ইমান দিনে ছপা হোৱা নাছিল কিন্তু পৰমেশ্বৰৰ কৃপাত, এইবাৰ বহু কষ্টৰে অলপ অৰ্থ সঞ্চয় কৰি ছপোৱা হঁল৷। পাঠক-পাঠিকা সকলে একান্ত চিত্তেৰে আৰু নানান শাস্ত্ৰাদিৰ মতামত পুঙ্খানুপুঙ্খৰূপে বিচাৰ কৰি পঢ়ি চলেহে ইয়াৰ পৰমাৰ্থ তত্ত্ব ভালকৈ হৃদয়ঙ্গম কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। এই আশাৰে ইয়াক সদাশয় ৰাইজৰ আগত দাঙ্গি ধৰা হল।

 বিশেষ ইচ্ছা থাকা স্বত্বেও সময়ৰ অভাবত এইবাৰ ইয়াৰ টান পদ বিলাকৰ টিপ্পনি দিব পাৰা নহল। ৰাইজৰ আগ্ৰহ দেখিলে অহাবাৰত টান শব্দ আৰু পদ বিলাকৰ সৰল ব্যাখ্যা দি প্ৰকাশ কৰিবৰ ইচ্ছা থাকিল। ইতি –

২৮ ব’হাগ।
৪৯০ শঙ্কৰাব্দঃ
শ্ৰীজগন্নাথ মেধী আতৈ
বুঢ়া ভকত
প্ৰকাশক