পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
বুঢ়াভাষ্য

ৰাণ্ডিৰ তনয় অঙ্গ চুইবাক নুজুৱাই৷
ঈশ্বৰ কৃষ্ণক সিতো পূজে কোন ঠাই॥
তাহাৰ পূজাক কৃষ্ণদেৱে নলৱয়৷
সিতো ঘোৰ পাপী মহা সংসাৰে ভ্ৰময়॥ ১৫৮
এহি বুলি বশিষ্ঠ পৰম ঋষি ৰাজ৷
ৰামৰ আগত কহিলন্ত যুগ কাজ॥
বুঢ়াভাষ্য শীঘ্ৰে ইতো কহিয়া আছয়৷
বামণ পুৰাণ কহে জানিবা নিশ্চয়॥ ১৫৮
ইতো যত কথা আবে এহিমানে থৈলা৷
আৰু তাত পৰে কথা কহিবাক লৈলা॥
তিনি শত যুগত ঈশ্বৰ অহঙ্কাৰ৷
মহাদেৱ সমে দুয়ো কৰিলা বিচাৰ॥ ১৫৯
অহঙ্কাৰ আদি ব্ৰহ্মাদেৱ সুধিলন্ত।
ব্ৰহ্মা আদি কৰি ইতো জগতে পূজন্ত॥
হেন শুনি অহঙ্কাৰ ভগৱন্ত হৰি।
কহিবে লাগিলা কথা হৰিক সুমৰি॥
লাভক চাহন্তে তাৰ মুল হানি হয়৷
আপোনাৰ বিভূতি আপাোনি হৰুৱায়॥
তাহাৰ ভকতি জানা আছে আৰু কৈত৷
ধন জন অৰ্থ মোহে ভ্ৰমে সংসাৰত॥
এতেকে তাহাৰ গতি একো কালে নাই৷
ভক্তি মাৰ্গ নিন্দি বাস কৰে সমুদাই॥