পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
বুঢ়াভাষ্য

শুনা সভাসদ কথা আত অনন্তৰে৷
আৰু কথা কহিবাক লৈলন্ত শঙ্কৰে॥ ১২৯
দেৱমত ৰাজামত লোক ঋষিমত৷
এহি চাৰি মতে পৰি আছে লোক যত॥
একান্ত শৰণ যিতো লৱয় কৃষ্ণত৷
কৃষ্ণ বিনে সেৱা আৰু নকৰে আনত॥ ১৩০
সনাতন যুগত সেই ব্ৰহ্মা আছিলন্ত।
কৃষ্ণৰ চৰণে তৈহে সদা আৰাধন্ত॥
এক দিনা হৰি পুজা কৰিয়া আচন্ত৷
ৰাতুল ঈশ্বৰে গৈয়া তাক দেখিলন্ত॥ ১৩১
বোলে কাক পূজা তুমি কৰা মহামতি৷
আমাৰ আগত তাঙ্ক কহিয়ো সম্প্ৰতি॥
হেন শুনি ব্ৰহ্মা পাছে কথা কহিলন্ত৷
ৰাতুল ঈশ্বৰে শুনি কথা বুলিলন্ত॥ ১৩২
বোলে তুমি ঈশ৷বৰক কেনমতে পূজা৷
কৃষ্ণ বিনে আৱৰ নাহিকে আৰ দুজা॥
একান্ত শৰণে তুমি হৰিক ভজিও৷
আশী বিধ কৃষ্ণ পাৱে ভকতি কৰিও॥ ১৩৩
হেন উপদেশ পাই গৈলা সৃষ্টিকৰ৷
আপোনাৰ থানে গৈলা ৰাতুল ঈশ্বৰ॥
ই সব কথাক মুই এহিমানে থওঁ৷
হৰি নাৰদৰ কথা আবে তাক কওঁ॥ ১৩৪