পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
বুঢ়াভাষ্য

কহয় পুৰুষোত্তম  নাহি পাপী মোৰ সম
 নিৰন্তৰে বোলা ৰাম ৰাম।

⸺ ০ ⸺

“পদ’’

আত অনন্তৰে পাছে শুনিয়োক তথা।
দুই জনে আছে বসি শুনি কৃষ্ণ কথা॥
এহি মতে কত বেলি আছে দুই জন।
গৈলন্ত আপোন থানে কৰি ৰঙ্গমন॥ ১০৩
ভাগৱত পুৰাণত কহিয়া আছয়।
আৰু কিছু কথা কহোঁ শুনা মহাশয়॥
কহি আছে মহাদেৱে পাৰ্ব্বতীৰ আগে।
যেন তেন কাৰ্য্য কৰিলন্ত কলি যুগে॥ ১০৪
পৰম পাষণ্ড দ্বিজ সব মহামতি।
নুশুনিবে তাৰা সবে হৰিৰ ভকতি॥
ধৰিবে পাষণ্ড মত এৰিবেক ধৰ্ম্ম।
কৰিবে সদায় সবে দেবীপূজা কৰ্ম্ম॥ ১০৫
আন দেৱ পূজা কৰি যাইবো অধোগতি।
নিশ্চয় কৰিয়া কলো জানা মহামতি॥
ভাৰত বৰিযে লোক আছে যত যত।
কলিৰ যুগত সবে হুইবে ভকত॥ ১০৬