পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
বুঢ়াভাষ্য

শঙ্কৰ স্বৰূপে হৰি  কলি যুগে অৱতৰি
 কেৱল ভকতি প্ৰচাৰিব।
ধৰিবে ভকতি ধৰ্ম্ম  এৰিবে বেদৰ কৰ্ম্ম
 শঙ্কৰক লোকে গুৰু লৈব॥ ৯৭
ছাণ্ডাল পৰ্য্যন্ত কৰি  অন্ত্য জাতি আছে যত
 সবে লোক হৈবন্ত ভকত।
কহিবেক দৃঢ়মতি  ব্ৰাহ্মণত এৰি মতি
 হৈবে ৰত নিপুণ ধৰ্ম্মত॥ ৯৮
কলি সম যুগ নাই  তথাপিতো আখি খাই
 নভজিবে লোকে মহা ৰঙ্গ৷
নিন্দিবে ভকতি ধৰ্ম্ম  কৰিবে বিবিধ কৰ্ম্ম
 গৰ্ব্ব মদে পৰম পাষণ্ড॥ ৯৯
শুনা সভাসদ লোক  নকৰিবা নিন্দা মোক
 বলো আমি চৰণত ধৰি।
শাস্ত্ৰত দেখিলো যেন  কহিলো কৰিয়া তেন
 মোৰ সবে দোষ ক্ষমা কৰি॥ ১০০
মই মূঢ়মতি বিনে  নলৈলোঁ কৃষ্ণৰ নাম
 ন ভজিলো কৃষ্ণৰ চৰণে।
এহি দোষে তল গৈলো  বিষয়ত মজি ৰৈলো
 গুৰু পাৱে নধৰিলো মনে॥ ১০১
কৰি আছো পাপ ঘোৰ  মই পাপী সেৱা চোৰ
 ন লৈলো মুখত তুৱা নাম।