পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
বুঢ়াভাষ্য

যুগ সীমা মহামানী  কৈবে লৈলা হেন শুনি
 থিৰ মন কৰি হেন জানি।
শুনা তুমি মহাদেৱ  কৰোহোঁ কৃষ্ণক সেব
 শুনি আছোঁ যেন বেদবাণী॥ ৮৬
গায়ে কৃষ্ণ গুণ নাম  তেন্তে জগতৰ ধাম
 তান মায়া মোহিছে আমাক।
আমি সিদ্ধ নৱ বিধ  কহিলন্ত সমাধিত
 যিবা জনে শুনে মনে তাক॥ ৮৭
শুনি মহা মহেশ্বৰ  বহু শুনি সিদ্ধান্তৰ
 শুনা বিত্ত তুমি হৰুৱালা।
একান্ত শৰণ নাম  লৈয়া তুমি অবিশ্ৰাম
 কৰ্ম্ম পন্থ কিসক ধৰিলা॥ ৮৮
কেৱল ভকতি কৰা  মোৰ বাক্য যদি ধৰা
 আগম নিগম তত্ব সাৰ।
মিছা বিপক্ষক কৰি  সংসাৰে ভ্ৰমিয়া মৰি
 একো কালে গতি নাহি তাৰ॥ ৮৯
হৰি ভক্তি পৰিহৰি  ফুৰে মিছা বাদ কৰি
 মৰে সবে পাষণ্ড সকল।
নলৱয় হৰি নাম  মহা মূঢ়মতি পাপ
 আপুনা আপুনি গৈল তল॥ ৯০
ৰত্নৰ সাগৰ পাই  তাহাক মনত নাই
 ফুৰে সিতো শামূক বিচাৰি।