পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
বুঢ়াভাষ্য

তাৰ পৰা আসিবেক  ঐৰ পৰা যাইবেক
 স্বকীয়তে জান নপাৱয়॥ ৮০
হেন কথা মেলি দিব  মোৰ ভকতক নিব
 যিতো গুৰু ভক্তি কৰে মোত।
আন পথ আচৰিয়া  মুকুতি পাইবেক গৈয়া
 থাকিবেক লোক মানে যত॥ ৮১
নপায় অনুজ সুখ  কৰে সবে মন দুঃখ
 বোলে আমি কি কাম কৰিলো।
একান্ত সুখক ত্যজি  মুকুতি সুখক ভজি
 ৰসময় ভকতি এৰিলো॥ ৮২
এহিবুলি মুক্ত সবে  দুঃখক কৰন্ত যেবে
 আপোনাক গৰিহা কৰিয়া।
এহি কথা কহি ৰৈলা  শুনা আৰু যেন ভৈলা
 কহোঁ মনে গুৰুক ধৰিয়া॥ ৮৩
দেৱৰ অমৃত যেন  অন্য জনে নপাৱয়
 সেহি মতে ইহাক জানিবা।
যেন গুণ সি মাধৰ  বাদ কহোঁ ঈশ্বৰৰ
 মহাদেৱ সমে দুইটো কবা॥ ৮৪
মহাদেৱে শুনিলন্ত  যুগ ধৰ্ম্ম ঈশ্বৰৰ
 বোলে কোন ধৰ্ম্ম আচৰিবা।
কোনবা ঈশ্বৰ যজা  কোনবা ঈশ্বৰ পূজা
 কয়ো তুমি কাৰ মত কবা॥ ৮৫