পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
বুঢ়াভাষ্য

চৰ্ণূ মান বিদ্যমান  ইসে ঈশ্বৰ প্ৰধান
 পায়োক দয়াল পৰমান॥ ৬৯
প্ৰকীৰ্ত্তিক সনাতন  নামে আৰু যুগ কন
 পৰম ঈশ্বৰ দেৱ হৰি।
পৰম ঈশ্বৰ ৰাম  পূৰোক মনৰ কাম
 পৰমেশ জগত মূৰাৰি॥ ৭০
যোগেশ্বৰ নাম কৰি  গণ্ডেশ্বৰ দেৱ হৰি
 যুগে যুগে আছা অৱতৰি।
কহিবেহো কোন নাম  কথা ইতো অনুপাম
 কহিলুহু আমি অল্পকৰি॥ ৭১
পৰম মহন্ত যত  ঈশ্বৰৰ পাৰিষদ
 অকাৰূদ্ধ কৰি সবে মৰিলা।
দুই পাশে দুই জন  বিচাৰ কৰিয়া মন
 ভাগৱত শাস্ত্ৰে এহি কৈলা॥ ৭২
একো যেন কৰি তত্ব  তাথৰ নাপায় অস্ত .
 বুঢ়াভাষ্য কহিয়া আছয়।
স্বৰূপ কহিলো আমি  শুনিয়োক মহামানী।
 ঈশ্বৰৰ কথাকেহে কয়॥ ৭৩
শঙ্কৰে শিঙ্গাক লৈয়া  পাইক সজাই গৈয়া
 চাইলা তাক পথাৰৰ ছলে।
মোহৰ নাৰীক লৈয়া  তিনি মোক ভেদি গৈলা
 যি লোকে হৰেৰঙ্গ পাইলে॥ ৭৪