পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪
বুঢ়াভাষ্য

শ্ৰৱণ কীৰ্ত্তন ইটো স্বাধিন ভকতি।
ইহ পৰলোকে জানা শঙ্কৰেসে গতি॥
দৈবকী নন্দন বিনে দেৱ নাই নাই।
নভজিলো তাহাঙ্ক দিনতে চক্ষু খাই॥ ৬৪
নাম বিনে কলিত বান্ধব আন নাই।
নলৈলোহো পাপী হেন ৰাম নাম পাই॥
হে কৃপাময় প্ৰভু মোক কৰা দয়া।
নাম দান কৰা প্ৰভু দুৰ হোক মায়া॥ ৬৫
কহয় পুৰুষোত্তম গুৰু পাৱে ধৰি।
সকল সমাজে ডাকি বোলা হৰি হৰি॥ ৬৬

“ছবি’’

শুমিয়োক আবেসাৰ  কাহাৰ শকতি আৰ
 কহিবেক কথাৰ নিশ্চয়।
তথাপিতো কিছুমান  কহো শুনা সাবধান
 যি সমাগত ধৰা ভাই॥ ৬৭
সঙ্খেপ ব্ৰহ্মক ধৰি  জানিবা ঈশ্বৰ হৰি
 সহস্ৰ ঈশ্বৰ আসি ভৈলা।
কহো তাসম্বাৰ নাম  শুনা ৰাজা অনুপাম
 এহি বুলি কহিবাক লৈলা॥ ৬৮
ৰত্নধৰ ৰত্ন মালা  বলমনি দিব্য কালা
 বিছাৰি বেকত কৰি জান।