পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
বুঢ়াভাষ্য

কুৰ্ম্মৰ পিঠিত ৰহি আছন্ত অনন্ত।
অনন্তৰ উপৰে ঈশ্বৰ ভগবন্ত॥
বিৰাটৰ হন্তে কল্প নাদ মহাশয়।
কল্প নাদ হন্তে নল জানিবা নিশ্চয়॥
নলহন্তে বৈতৰণী নদী বহি যাই।
চৌৰাশী নৰক তাতে পাপীক ভুঞ্জাই॥ ৫৯
বিৰাটৰ দুই বাহূ তাতে থাপিলন্ত।
আঠ খান পৰ্ব্বতক ধৰিয়া আছন্ত॥
স্কন্ধে গন্ধ মাৰ্দ্দন পৰ্ব্বত অতিশয়।
পশ্চিমত মাল্যবন্ত উত্তৰে জন্মিজয়॥
অনন্তৰ মুখত যে আঠ গোটা শিৰ।
আঠ গোটা শিৰ যে তাহাত মহাধীৰ॥
এহিতো কথাক আবে সম্বৰিয়া থওঁ।
শুনা সভাসদ আত পৰে আৰু কওঁ॥ ৬১
পৰম ৰহস্য ইটো কথা মনোহৰ।
আছে আত কথা ভাগৱত পুৰাণৰ॥
যিটো পাপী সবে আক অৱজ্ঞা কৰয়।
কোটী কোটী জন্মে সিটো নৰকে পৰয়॥ ৬২
একচিত্তে শুনে আক যিতো শ্ৰদ্ধা কৰি।
পাপত মুকুত হৱে যাতনা নিস্তাৰি॥
কলিত হৰিৰ নাম ধৰা মনে ৰতি।
যম পাত মলছিয়া জায়ো মাৰি ডাটী॥ ৬৩

. -