পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
বুঢ়াভাষ্য

বিষ্ণু যুগ, ব্ৰহ্ম যুগ যুগ, আতিশয়।
নাম যুগ, কাম যুগ, যুগ যে আছয়॥
শুনিয়োক যুগ আৰু তাত পৰে আছে।
এহি বুলি কহিবে লাগিলা কথা পাছে॥ ৫৩
ৰীতি যুগ বিতি যুগ যুগ কালান্তক।
বিষ্ণু যুগ নামে তাতে দেখা ঈশ্বৰক॥
বেদবতী নামে যুগ আৰু যুগ মালী।
বিযি যুগ নামে আৰো ভৈলন্ত কালি॥ ৫৪
এহিমতে ষোড়খ যুগৰ কথা কৈলা।
পুনৰপি আৰু কথা কহিবাক লৈলা॥
শুনা আৰু ৰাজা কথা আত অনন্তৰে।
যেহি মতে ৰহি আছে পৃথিবী সাগৰে॥ ৫৫
অল্প কৰি কহো আমি তাহাক শুনিবা।
মোৰ কথা হয় নয় বিচাৰি ঢাহিবা॥
সবাৰ তলত ইশ দ্ৰাবিড় আছয়।
সসাগৰা মহীক তেহে ধৰি আছয়॥ ৫৬
সৰ্ব্বশক্তি নাৰায়ণে তাহাঙ্ক দিলন্ত।
এতেকেসে সসাগৰা ধৰিয়া আছন্ত॥
দ্ৰাবিড় ঈশ্বৰে ধৰি আছে বিমা লোক।
বিশাল ঈশ্বৰে ধৰি আছয় ন লোক॥ ৫৭
নলে ধৰি আছে যে ভকলা ঈশ্বৰক।
ভকলাই ধৰি আছে ঈশ্বৰ কুৰ্ম্মক॥