মানুহৰে সম্পত্তি—কোনো এক সম্প্ৰদায়ৰ নহয়। সকলোৱেই এই স্কুলৰ
মালিক আৰু পৰিচালক। মাটিৰ মূল্য দিবৰ কাৰণে, মই চান্দাৰ বহি লৈ
চাহাব সকলৰ ঘৰলৈকো গৈছিলোঁ। মোৰ কাম দেখি চাহাৰ সকলেও
এই স্কুলখন তেওঁলোকৰো সম্পত্তি বুলি বুজিব পাৰিলে। তেওঁলোকেও
মোক নানা উপায়েৰে সাহায্য কৰিবলৈ আগ বাঢ়িল। লাহে লাহে সকলোৱে
ক'লা-বগাৰ প্ৰভেদ পাহৰি গৈ পঢ়াশালীখনৰ উন্নতিত মন ঢালি
দিলে।
এতিয়া টাস্কেগী স্কুলৰ চাহাব বন্ধু অনেক। মই প্ৰথমৰে পৰা তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰি আহিছোঁ। আৰু দক্ষিণ অঞ্চলৰ নিগ্ৰ’বিলাককো চাহাবসকলৰ লগত বন্ধু ভাবে থাকিবলৈ সদায় উপদেশ দি আহিছোঁ।
আমি স্কুলৰ নিমিত্তে ধন তুলিবলৈ ধৰিলো। মেলা, প্ৰদৰ্শনী, মুষ্টি- ভিক্ষা, চান্দা আদিৰ পৰা আনি তিনি মাহতে মাৰ্চেল চাহাবৰ ৭৫০ টকা আদায় কৰিলোঁ। তাৰ পিচত, দুমাহতে বাকী ৭৫০ যোগাৰ কৰি মাটিৰ গৰাকীৰ ধাৰ মাৰিলোঁ। মাটিখিনি আমাৰ হৈ পৰিল। অতি আনন্দৰ বিষয় এই যে, এই সমস্ত ধন, টাস্কেগীৰ চাহাব আৰু নিগ্ৰ'সকলৰ পৰাই পাইছিলোঁ।
ইয়াৰ পিচত আমি খেতি কৰিবৰ আয়োজন কৰিলোঁ। খেতি কৰিলে, স্কুলৰো আয় হব আৰু লগে লগে ল'ৰাবিলাকেও খেতি বাতি সম্বন্ধে যথেষ্ট অভিজ্ঞতা আৰ্জিব, আৰু লগতে আমি সুখেৰেও এমুঠি খাব পাৰিম।
স্কুলৰ ল'ৰাবিলাকৰ অৱস্থা ইমান বেয়া আছিল, যে স্কুলত তিনি মাহৰ বেচি, ধন খৰচ কৰি থাকিব নোৱাৰে। গতিকে তেওঁলোকে বাকী কেইমাহো যাতে ধন খৰচ কৰি থাকিব পাৰে, তাৰে দিহাত লাগি