হ'ল তেওঁলোকৰ পুৱাৰ আহাৰ! ঘৰৰ গৰাকীয়ে হাততে ৰুটি
আৰু মাংস লৈ চোবাই চোবাই পথাৰলৈ যায়, তিৰোতা-বিলাকে
ঘৰৰ চুক এটাত বহি যিহকে পাই তিহতে তাৰে এসোপা লৈ খাবলৈ
ধৰে, আৰু মাজে সময়ে কেৰাহিৰ পৰাই হাত ভৰাই খায়। ল'ৰা ছোৱালীয়ে
আলিয়ে পদুলিয়ে যিহকে পায়, তিহকে মুখত গুজি ফুৰে।
ল'ৰাছেৱোলীবিলাকে সদায় মঙহ নাপাইছিল, কিয়নো মঙহৰ দাম বৰ
বেচি।
ৰাতিপুৱাৰ আহাৰ এইদৰেই শেষ কৰি ঘৰৰ ল'ৰা বুঢ়া সকলোৱেই পথাৰলৈ লৰ মাৰে, কেঁচুৱাবিলাকো বাদ নপৰে। মাকহঁতে কেঁচুৱাবোৰক এঠাইত পেলাই থয় আৰু মাজে মাজে পিয়াহ দিয়ে।
দুপৰীয়া আৰু ৰাতিৰ আহাৰো এইদৰে চলে। তেওঁলোকৰ দৈনিক জীৱন এনেকুৱাই; অৱশ্যে শনি আৰু দেওবাৰে বেলেগ। শনিবাৰে গোটেইটো পৰিয়াল নগৰলৈ আহে। সেই দিনা গোটেই দিনটো বজাৰ কৰোতেই যায়; বজাৰ কৰিবলৈ সাধাৰণতে এজন মানুহৰ দহমিনিটতকৈ বেচি সময় নালাগে, অথচ তেওঁলোকে মিছায়ে গোটেই দিনটো ঘূৰি ফুৰে। ছোৱালীবিলাকে জুম পাতি গা ঘেলাই ফুৰে, বহে, ধঁপাত খায় আৰু নাকত শস্য গোজে! দেওবাৰে সকলো সভালৈ যায়। সেই সভাত কেৱল গল্পই চলে।
তেওঁলোকৰ আৰ্থিক অৱস্থাও অতি শোচনীয়। প্ৰায় মানুহেই ধাৰত পোতখোৱা। পথাৰত যিবোৰ শস্য হয়, আটাইবোৰেই পাওনাদাৰৰ ওচৰত বন্ধক থাকে।
গাওঁবোৰত বহুতো পঢ়াশালি আছে। অথচ প্ৰাদেশিক চৰকাৰে সেইবোৰৰ নিমিত্তে একো ব্যৱস্থা কৰা নাই। ধৰ্ম্মমন্দিৰ বা