সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
বুকাৰ ৱাচিংটন ।


গাড়ীত বহি যোৱা দেখি ক'লে, 'ডাঙৰীয়া আপোনাৰ অপমান দেখি বাস্তৱিকে বৰ ব্যথিত হৈছোঁ।” তেওঁৰ কথা শুনি ডগলাচে গহীনাই উত্তৰ দিলে, “মোৰ অন্তৰত যি আত্মা আছে, সেই আত্মাক অপমান কৰে, এনে সাধ্য কাৰো নাই। কোম্পানীৰ এনে ব্যৱহাৰত মই অকণো অপমান পোৱা নাই, কিন্তু যি মোক এনে ব্যৱহাৰ কৰিছে, তেৱেঁই অপমানিত হৈছে।”

 এবাৰ এজন নিগ্ৰ'ৱে ৰেলত নিগ্ৰ'ৰ মাজত বহিছিল। তেওঁ ইমান বগা আছিল যে, তেওঁক নিগ্ৰ' বুলি কোনেও চিনিব নোৱাৰে। ৰেলৰ গাৰ্ডে তেওঁক নিগ্ৰ'ৰ মাজত দেখি থমক খাই ৰ'ল। তেওঁৰ সন্দেহ হ'ল, তেওঁ নিগ্ৰ' নে ইয়াঙ্কী? নিগ্ৰ' হ'লে ভালেই — যদি নহয়! তেওঁক সেই বিষয়ে সোধাও বৰ লাজ আৰু অপমানৰ কথা! তেওঁ বিমোৰত পৰি আৰোহীজনৰ চকু, মুখ, নাক, কান, চুলি সকলোকে ভালকৈ চাবলৈ ধৰিলে। তথাপিও একো বুজিব নোৱাৰিলে।তাৰ পিচত তেওঁ ভৰি দুটা ভালকৈ চাবলৈ ধৰিলে। ভৰি চাই বুজি পালে যে তেওঁ নিগ্ৰ'! সেই গাড়ীতে ময়ো আছিলোঁ৷ তেওঁ একো নেমাতি লাহেকৈ গুচি গ'ল। সেই আৰোহীজন তাৰ পৰা নামিব লগা নোহোৱাত ময়ো বৰ ৰং পালোঁ।

 মই ভদ্ৰতা-বিচাৰৰ সম্বন্ধে এটা বৰ সুন্দৰ উপায় স্থিৰ কৰিছো। কোনো মানুহ ভদ্ৰ নে অভদ্ৰ, এই কথা জানিবৰ হ'লে, নীচ জাতিৰ মানুহৰ লগত মই তেওঁৰ আচাৰ ব্যৱহাৰ পৰীক্ষা কৰোঁ। গোলামী যুগত, গৰাকী- সকলে তেওঁলোকৰ গোলামবিলাকৰ লগত যি ব্যৱহাৰ কৰিছিল, তাৰ পৰাই কোন ভদ্ৰ আৰু কোন অভদ্ৰ আছিল তাৰু ভালকৈয়ে বুজিব পাৰিছিলোঁ।

 মহাত্মা জৰ্জ্জ ৱাচিংটন এদিন আলিয়েদি ফুৰিবলৈ গৈছিল। বাটতে